৫৭। মূল ঘোষাঃ-
ৰাম কান্দে বনে বনে লক্ষ্মন কান্দে সঙ্গে।
শূণ্য গৃহ পায়া সীতাক হৰিলে ৰাৰণে॥
পদঃ-
ৰাম কান্দে লক্ষ্মন কান্দে শূণ্য গৃহ চাই।
ডালত বহি হনু কান্দে সীতাক নপাই॥
ৰামে বোলে লক্ষ্মন ভাই কি কৰ্ম্ম কৰিলা।
শূন্য গৃহে সীতাক কিয় এৰিয়া চলিলা॥
লক্ষ্মন বোলে দাদা দোষ নাহিকে আমাৰ।
অকস্মাত আৰ্ত্তৰৱ শুনিয়া তোমাৰ॥
মায়াৱী ৰাক্ষকে জানো ছলিলে তোমাক।
সি কাৰণে সীতা মাৱে পঠাইলে আমাক॥
তোমাৰ বিক্ৰম কথা বুজাইলো অনেক।
কিন্তু সীতা মাৱে কুবচন কৈলা মোক॥
সিকাৰণে দাদা সীতাক শূণ্য গৃহে এৰি।
তোমাৰ পাশক শীঘ্ৰে আসিলো লৱৰি॥
ভাঙনি ঘোষাঃ-
হনু বোলে প্ৰভূ ৰাম নকৰিবা শোক।
সীতাক বিচাৰি যাওঁ আজ্ঞা দিয়া মোক॥
পদঃ-
ৰামে বোলে হনু তুমি যোৱা শীঘ্ৰে কৰি।
কৈত আছে প্ৰাণ সীতাৰ আনিয়ো বাতৰি॥
দন্দৱতে ৰামক প্ৰনামি হনুমন্ত।
শিৰে পদধূলা লৈয়া ধীৰে চলিলন্ত॥
চলি গৈলা হনুমন্ত ৰামক সূমৰি।
মহা যত্নে পাহলা লঙ্কা ৰাৱন নগৰী॥
তথাত অশোক বনে দেখিলা সীতাক।
ৰামৰ আঙুঠি দিয়া কহিলা বাৰ্ত্তাক।
(১০৭)