পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


পদঃ-

দশৰথ মহা ৰাজা সৰযুৰ তীৰে
ব্ৰাহ্মণ বধিলে ৰাজা শব্দ ভেদি শৰে।
অন্ধমুনিৰ পুত্ৰ আহে পানী আনিবাক
হস্তী অনুমানি ৰাজা বধিলন্ত তাক।
শৰবিন্ধ সিন্ধু বুলিলন্ত দুখ কৰি
কোনে প্ৰহাৰিলে শৰ বিষে যাওঁ মই মৰি।
পাছে দশৰথ ৰাজা পাইলা সেহিঠাই।
আৰ্ত্তনাদ কৰি সিন্ধু আছন্ত কেকাই।
দশৰথে বোলে মই কি কাৰ্য কৰিলো
শব্দ ভেদি বাণে মই ব্ৰাহ্মণ ভেদিলো।
সিন্ধু বলে পিতা মাতা আছে বাট চাই
শীঘ্ৰে লৈয়া ব’লা মোক পিতা মাতাৰ ঠাই।

ভাঙনি ঘোষাঃ-

অন্ধ মুনিৰ পুত্ৰ এক সিন্ধমুনি নাম
শব্দ ভেদি বাণে দশৰথে লৈলে প্ৰাণ।

পদঃ-

মৰা সিন্ধুক কান্ধে লৈ দশৰথ ৰায়,
অন্ধ মুনি আশ্ৰমলৈ ধীৰে ধীৰে যায়॥
শব্দ অনুমাণি অন্ধ বুলিলা বচন,
অত দেৰি বাচা তই কৰ কি কাৰণ॥
দশৰথ বোলে মুণি মই মহা পাপী,
তযুপুত্ৰ বধিলোহো ভষ্ম কৰা শাপী॥
মুনি বোলে দশৰথ কি কাৰ্য কৰিলি,
পুত্ৰৰ লগতে ৰাজা আমাকো মাৰিলি॥
শুন হেৰ দশৰথ দুৰ্জ্জন ৰাজন,
পুত্ৰ শোকে আজি আমি এৰিবৰা জীৱন॥

..........................

(১০৬)