এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ
খৰ চাপৰিঃ-
অ' হৰি অ' অ'.... ৰাম নাৰায়ণ ..
ৰাম হৰি অ' অ', অ' হৰি, ৰাম নাৰায়ণ ....
পদঃ—
এৰি আন মন চিন্তিয়ো চৰণ
জানি সবে আন মিছা,
নুখুজিলে তাক কৰোহো কল্যাণ
যদি নকৰয় ইচ্ছা।
শ্ৰদ্ধাভাৱে ভজে আন দেৱ পূজে
সিয়ো পূজা হোৱে মোৰে,
যত দেৱ পুনু সবে মোৰ তনু
কিন্তু বিধি এৰি কৰে।
যত চৰাচৰ সমস্তে ঈশ্বৰ
ঈশ্বৰত নাহি বিনে,
আন দেৱ ৰূপে মোক্ষক নেদিওঁ
বিধিহীন সি কাৰণে।
ঈশ্বৰ নৈবেদ্য আন দেৱ পূজে
নিষ্টে কহোঁ মহাবল,
পূজাও নোহয় ব্যৰ্থে কষ্ট যায়
নপাৱে একো সুফল।
যত চৰাচৰ আশ্ৰয় ঈশ্বৰ
সাক্ষীৰূপে হৈয়াথিত,
ঈশ্বৰত বিনা সকলোৱে মিছা
সবে মানে বিনাশিত।
মোৰ স্বৰূপ নজানয় তত্ব
মোহে বুদ্ধি ভৈলা হত,
নানা কৰ্ম্ম মজি ক্ষুদ্ৰদেৱ পূজি
এতেকে পৰে অধত।
(৯৩)