পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

শুনা সৰ্ব্বজন কৃষ্ণৰ চৰণ
 কলিযুগ ধৰ্ম্ম দেখা,
নামৰ সমান ধৰ্ম্ম নাহি আন
 আৰ কৰ্ম্ম কেনে লিখা৷

................

৫০। মূল ঘোষা :-

আত্ম তত্ব জানিলে যি বৈষ্ণৱ বোলয়।
বৈৰাগ্য ঘটিল যাৰ ভকত হোৱয়॥
বৈষ্ণৱে জানিলে যাক, মানিলে ভকত।
জানিয়া কৰিলে ভক্তি স্থান বৈকুণ্ঠত॥

পদ :-

ভকতৰ কোন ধৰ্ম কিবা প্ৰবৰ্ত্তন,
কোনবা স্বভাৱ ভক্তে কিবোলে বচন॥
হৰিক মনত স্মৰি বোলন্ত ৰজাক,
ভকতৰ যিবা ধৰ্ম্ম শুনা কহোঁ তাক॥
ঈশ্বৰক দেখে যিটো সমস্ত প্ৰাণীত,
প্ৰাণী সমস্ততো দেখে ঈশ্বৰ মূৰ্ত্তিক।
সমস্ত ঐশ্বয্য ব্যাপি আছে জগতত,
হেন যিটো দেখে সিটো মহাভাগৱত॥
শুনা সাৱধানে আৱে ঈক্ষাকু নন্দন,
কহোঁ আৰু মহাভাগৱতৰ লক্ষণ।
সৰ্ব্ব হৃদয়তে আছে কৃষ্ণৰ মূৰুতি,
পৰম ভকতে তাত নিতে কৰে ৰতি॥
কৃষ্ণকেসে চিন্তে যিটো নবাঞ্চে বিষয়,
দেখন্ত বিষ্ণুৰ মায়া জগত নিশ্চয়।
নকৰে আক্ৰোশ দ্বেষ নুহিকে মনত,
সেহিজন জানিবা উত্তম ভাগৱত॥

(৯৪)