ৰাজসূয় পীত বস্ত্ৰে জ্বলে আতি শ্যাম কলেৱৰ। বিজুলী ৰঞ্জিত যেন নৱ জলধৰ ||১৭৫ · শ্ৰীমন্ত কিৰীটি জ্বলে অগ্নি শিখা সন। 'ললাটত সুন্দৰ : তিলক মনোৰম || বদন মণ্ডল পূৰ্ণ চন্দ্ৰৰ উদয়। প্ৰফুল্ল পঙ্কজ যেন নয়ন দুতয়॥১৭৬ মকৰ কুণ্ডলে গণ্ড প্ৰকাশে প্ৰচুৰ। চালি কৰি নাচে যেন দুগোটা সয়ুৰ। ঈষৎ হসিত চৰি ৰাতুল: অধৰ। মাণিকৰ কান্তি দত্তপান্তি মনোহৰ॥ ১৭৭ চূড়ামণি ৰত্নে চূড়া কৰয় প্ৰকাশ। সূৰ্য্যৰ কিৰণে যেন জ্বলে দিশ পাশ॥ নিৰ্ম্মল কপোল মণি দৰ্পণ সমান। যেন নীল তিল ফুল নাসিকা সুঠান॥১৭৮ মদনৰ ধনু হেন ভব সুবলিত। কটাক্ষ দৃষ্টিত যেন বৰিষে অমৃত॥ কুটিল অলক যেন ভ্ৰমৰৰ পান্তি। কম্বু কণ্ঠ মাজে মণি কৌস্তুভৰ কান্তি॥১৭৯ গজ মুকুতাৰ হাৰ জ্বলে হৃদয়ত। যেন দুই ধাৰা গঙ্গা জ্বলে আকাশত | হীৰা মৰকত মণিময় মনোৰম। জ্বলে পেচন্দাৰ দ্বিতীয়াৰ চন্দ্ৰ সম॥ ১৮০ শত্ৰু চাপ সম জ্বলে গলে বনমালা। নানা ৰত্নে বিৰচিত কটিত মেখলা || বলিত বৰ্ত্ত ল ভুজ ভুজঙ্গ সমান। সুদীৰ্ঘ আঙ্গুলি আতি দেখিতে সুঠান॥১৮১ ৩৭
পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৪৭
অৱয়ব