সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬ স্বামীৰ লগত কুটুম্বৰ খনে যাইবো। কুটুম্ব সৱৰ মছা সাদৰক পাইবো || আত পৰে আমাৰ আনন্দ কিবা আছে। ভকত বান কৃপাময় কৃষ্ণে পাছে॥১৬৯ বসুদেৰ আদি যত আছে গুৰুজন। সমস্ততে অনুজ্ঞা লৈলন্ত নাৰায়ণ || সঙ্কৰ্ষণ জ্যেষ্ঠতো অনুজ্ঞা মাগি লৈলা। বুলি মাতি তাঙ্ক দ্বাৰকাৰ ৰক্ষা থৈলা ||১৭০ শাম্ব কাম আদি যোদ্ধাগণ আছে যত। শত্ৰুক শঙ্কায় ৰক্ষা থৈলা নগৰত। অনন্তৰে দাৰুকে যোগাইলা ৰথ সাজি। সব্য সুঞ্জীৰ আদি নিয়োজিয়া বাজি॥১৭১ চাৰিয়ো খোঁবাক কাছাইলন্ত নানা কাছে নিৰ্ম্মল দৰ্পণ কপালত দিয়া আছে। ৰত্নৰ কিঙ্কিণী শাবি শাবি আবিলন্ত। নানা ৰত্ন কামে বথ খান মণ্ডিলন্ত॥১৭২ গৰুড়ৰ প্ৰজ গোট আগত বান্ধিল। নানা থানে নানা অস্ত্ৰ শস্ত্ৰ নিবন্ধিল। উপৰে সঞ্জোগি থৈলা ভোজন সম্ভৃত। নানা যড় বস দেৱ ভোগ পঞ্চামৃত॥১৭৩ জ্বলে বথ খান যেন সূৰ্য্যৰ সঙ্কাশ। তাতে আৰোহিলা প্ৰভু জগত নিবাস | ৰথৰ উপৰে প্ৰকাশন্ত দামোদৰ। উদয় গিৰিত যেন জ্বলন্ত ভাস্কৰ॥১৭৪ দিব্য মুকুতাৰ ছত্ৰ উপবে প্ৰকাশে। পূৰ্ণিমাৰ চন্দ্ৰ যেন নিৰ্মল আকাশে॥