সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় সমস্তে যুগুতি আনি কৰি এক মত। পূৰ্ব্বাপৰ বিমৰষি দঢ়ায়া মনত॥১৪৪ বচন পণ্ডিত আতি উদ্ধৱ মহন্তে। বাক্যামৃতে সমজ্যাক তৃপিতি কৰান্তে॥ কৃতাঞ্জলি হুইয়া অৱনত কৰি কায়। বুলিবাক লৈল৷ পাছে মাধৱক চাই॥ ১৪৫ শুনা নিৰন্তৰে কৃষ্ণ চৰিত্ৰ অমৃত। মাধৱৰ পাদ পদ্মে কৰি এক চিত্ত || ঘোৰ পৰলোক তৰিবাৰ কৰা কাম। পাপৰ নিসঞ্চি হৌক বোলা ৰাম ৰাম॥১৪৬ দুলড়ি উদ্ধৱ বদতি শুনা যদুপতি কিনো ভৈল বিৰম্বন। যিহেতু আমাত পুছিলা যুগুতি অন্তৰ্য্যামী নাৰায়ণ॥ আপুনি সৰ্ব্বজ্ঞ পুছা যেন অজ্ঞ আন হেতু নাহি কিনো আতি বিপৰীত। মহিমা কৰা বিদিত॥১৪৭ কেৱলে ভৃত্যৰ