সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

21 বাজপুৰ সম্প্ৰতিক কহা কেন কৰে। বিদ্যমান। দুই গোটা কাৰ্য আসি ভৈল একখান ৰাজা সমস্ত দূত আনি আছে আগে। অসিঙ্গাক মেলাইবাক আৰণ্যকে লাগে॥১৩৮ যুধিষ্ঠিৰ দাদা নোৰ প্ৰাণতো অধিক। মোক নিবে প্ৰতি দেখা পাঠাইলা বাষিক || তাহানে৷ কৰাইবে লাগে যজ্ঞ ৰাজসূয়। যুগপতে মিলিল কৰ্ত্তব্য কাৰ্য্য দুই॥১৩৯ ৰাজা সমস্তৰ দুঃখে বসহে শৰীৰ। নগৈলে তঙ্কিব তৈত দাদা যুধিষ্ঠিৰ || দুই গোটা কাৰ্য আতি আছে আউল হুইৰা। তুমি মহা মতি নোক আন্ত বাছি দিৰা॥১৪০ প্ৰথমতে জবসিন্ধ ৰজাক নামাৰি। ৰাজা সমস্তক তাৰে মেলাইতে নপাৰি॥ কিবা জৰাসন্ধ মাৰি ৰাজাক মেলাওঁ। কিবা পাণ্ডৱৰ যজ্ঞ কৰাইবাক যাওঁ॥১৪১ যথা যোগ্য যুগুতি কহিয়ো মহাশয়। পৰম শ্ৰদ্ধায় তাক কৰিবে৷ নিশ্চয় || এহিমতে সৰ্ব্বজান কৃষ্ণ ভগৱন্ত। মূঢ়ে যেন উদ্ধৱত উপায় পুচন্ত॥১৪২ অনন্তৰে কৃষ্ণৰ আদেশ শিৰে ধৰি। নম্ৰভাৱে মাধৱক নমস্কাৰ কৰি॥ নাৰদৰ বাক্য যত আকলি মনত। বুজিলা হৃদয়ে সমস্যাৰ যেন মত॥১৪৩ ৰাজদূত বচনক মনে অনুমানি। চিত্তে মাধৱৰ কাৰ্য্য গৌৰৱক জানি৷