সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় পদ এহিমতে দূতে যেবে কথা কহি আছে। দেৱ ঋষি নাৰদ মিলিলা তৈতে পাছে॥ হাতে দিব্য বীণাখানি সৰ্ব্বক্ষণে বন্তি। মধুৰ বচনে মাধৱৰ গুণ গান্ত॥৯৩ মাথাত পিঙ্গলজটা অগ্নিশিখা সম। মুখে অল্প হাসি পৰিধান ব্যাঘ্ৰচৰ্ম্ম॥ শৰীৰৰ কান্তি আতি জ্বলৈ দিশপাশ। পৃথিৱীত ভৈল যেন আদিত্য প্ৰকাশ॥৯৪ প্ৰিয় মাধৱৰ জন্ম কৰ্ম্মক প্ৰকাশি। ফুৰন্ত লোকৰ পাপ সমূহ বিনাশি॥ সুমৰন্তে কৃষ্ণ মূৰ্ত্তি হোৱন্ত সাক্ষাত। পৰিপূৰ্ণ প্ৰেমানন্দ নুগুচে হিয়াত॥৯৫ নেত্ৰৰ নুগুচে সদ৷ আনন্দ লোতক। হৰিষৰ বেগে অতি সৰ্ব্বাঙ্গ পুলক॥ সমস্তে লোকক মহা আনন্দ কৰন্তে। সুধৰ্ম্মাক পাই দশোদিশ প্ৰকাশন্তে॥৯৬ নাৰদক দেখিয়া ঈশ্বৰ ভগৱন্ত সমস্ত সমাজে তাৱক্ষণে উঠিলন্ত || দেৱৰো দেৱতা মহেশ্বৰ নাৰায়ণ। শিৰে পৰশিয়া দেৱ ঋষিৰ চৰণ॥৯৭ সভাসদ সমে কৰিলন্ত নমস্কাৰ। পৰম হৰিষে আনন্দৰ নাহিপাৰ॥ ৰত্নময় আসনত বসাই অনন্তৰে। ষড়ৰ্ঘে কৰিলা পূজা পৰম সাদৰে॥৯৮ ২১