সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ ৰাজসূয় তুমি ৰক্ষা কৰা যাক সিয়ো জনে পাৱৈ দুখ কিবা নিজ কৰ্ম্মৰ বিপাকে। তোহ্মাৰ আজ্ঞাক লঙ্ঘি মহন্তক পীড়া কৰে তথাপি কুশলে সিটো থাকে॥ তোহ্মাত বিমুখ যিটো তাহাৰ দুৰ্গতি হৌক আমি পুনু তোহ্মাত ভকত। তথাপিতো আমি কেনে অনেক নিকাৰ ভুঞ্জো কোনে বুজে দৈৱৰ নহত ||৮৪ হেনবা বুলিবা কিনো দুখ পাৱা তোৰা সবে শুনা প্ৰভু ইহাৰ উত্তৰ। বিষয়ব সাধ্য যত নৃপতি সবৰ দুখ সাক্ষাতে স্বপ্নৰ সমসৰ॥ সৱ সম কলেবৰ পুত্ৰ দাৰা আদি কৰি কেৱলে দুখৰ বহো ভাৰ হানি অপমানচয় শোক মেহি মহাভয় দিনে ৰাত্ৰি নুগুচে অপাৰ ||৮৫ কিনো ভৈল মহাকষ্ট আপুনি চিন্তিলো নষ্ট পূৰ্ব্বতে নভজি তবু পাৱে। মায়ায়ে মোহিত হুয়া বিষয় চিন্তিলো মাত্ৰ আমি সব মহামূঢ় ভাৱে॥ যিটো পৰমাৰ্থ সুখ তোহ্মাৰ সেৱাত মিলৈ তাক সবে তেজিলো হেলাত। মায়াৰ ৰচনা মিছা ক্লেশতে মজিলো মাত্ৰ আপুনি কৰিলো৷ আত্মঘাত॥৮৬