সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজসূয় ১৭ কোটি কোটি ব্ৰহ্মাণ্ডৰ নাথ তুমি নাৰায়ণ সৃষ্টি স্থিতি লয়ৰ কাৰণ। মায়াৰ ঈশ্বৰ দেৱ চৰাচৰে কৰো সেৱ ভকতৰ ভয় বিমোচন || হেন দেৱ দামোদৰ হিত চিন্তি জগতৰ পৃথিৱীত ভৈলাহা বেকত। তোমাৰ অভয়পদ পঙ্কজে প্ৰণাম কৰো আমি হেৰা ৰাজাগণ যত॥৮১ মনুষ্যৰ ভিন্নমতি তোহ্মাত নুপুজৈ ৰতি আক ভালে জানিলো নিশ্চয়। তোহ্মাত ভকতি হীন ভৈল যিটো বুদ্ধি ক্ষীণ নুগুচে তাহাৰ মৃত্যুভয়॥ বিক্ৰমে পাতকে ৰত কাম্য কৰ্ম্মে উনমত ভৈল সবে লোক নিৰন্তৰ। পৰম কুশল কৰ্ম্ম তোহ্মাৰ ভকতি ধৰ্ম্ম কটাক্ষো নকৰে তাক নৰ ||৮২ তোহ্মাৰেসে মায়াময় সংসাৰ সাগৰে সিটো পশি কৰে তাহাতে বিগ্ৰহ। বিষয় প্ৰমত্ত হুই জীবিকাক চিন্তে সৰি ৰাত্ৰি দিনে ধনত আগ্ৰহ॥ সন্তক পালিবা তুমি দুৰ্জ্জনক বিনাশিবা ইসে কাৰ্য্যে ভৈলা অৱতাৰ। সত্তসবে পাৱৈ দুখ নুবুজিলে৷ একো অৰ্থ আৰ॥৮৩ দুষ্টৰ উদয় ভৈল