সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

b ৰাজসূয় দিব্য বস্ত্ৰ অলঙ্কাৰ তাম্বুল কৰ্পূৰ। দেন্ত আনে৷ নানা ভোগ্য নৈবেদ্য প্ৰচুৰ॥৪১ সুদূৰ আমাত্য বৃদ্ধ আনো যত যত। সমস্তক অনুক্ৰমে পাছে বণ্টা দেন্ত | অনপুৰ * চাৰি নগৰস্থ যত জাতি। যাৰ যেন কাম প্ৰভু পূৰিলন্ত আতি॥৪২ ভাৰ্য্যা পুত্ৰ নাতি সমস্তৰে পূৰি মন। অনুৰূপে যাক যেন দিয়া নাৰায়ণ || দিব্য পঞ্চামৃত ষড় ৰস যত ভোগ | আপুনিয়ো গৈয়া কৰিলন্ত উপযোগ | ৪৩ ভূষণৰো ভূষণ সুন্দৰ কলেবৰ। নৰলোক বিভূষণ প্ৰভু দামোদৰ॥ সিয়ো শৰীৰক দেৱ দৈৱকী নন্দন। ভূষণ কৰান্ত দিব্য অগৰু চন্দন॥৪৪ পীত বস্ত্ৰ জলে আতি শ্যাম শৰীৰত। বিজুলি প্ৰকাশে যেন সজল মেঘত॥ ৰত্নময় অলঙ্কাৰে কৰে জাতিষ্কাৰ। নিৰ্ম্মল গগণে যেন জ্যোতি কৰে তাৰ।৪৫ নৱ দিবাকৰ যেন কৌস্তুভ গলত। শ্ৰীবৎস পঙ্কতি জ্বলে চাৰু হৃদয়ত॥ ত্ৰৈলোক্যমোহন মহামূৰুতি মধুৰ। কোটি কন্দৰ্পৰো দৰ্প দেখি হোৱে চূৰ॥৪৬ ৰুক্মিণী প্ৰমুখ্যে নিৰন্তৰে নাৰীগণে। কৃষ্ণমূৰ্ত্তি অমৃতক পিয়ন্ত নয়নে॥

  • নগৰৰ বাহিৰত থকা |

FR