সমললৈ যাওক

পৃষ্ঠা:ৰাজসূয় কাব্য.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 ৰাজসূৰ উপবন আৰান অনেক পুষ্প বাতি। শুদ্ধ সুবৰ্ণৰ গৃহ নগৰ চৌহাটি॥১৫ আপুনি নিৰ্ম্মিল৷ কৃষ্ণে নিজ যোগ বলে। কনা মনুষ্যে তাক বৰ্ণাইব সকলে। ৰত্নমণিময় কানে কৰে জাতিষ্কাৰ। কৃষ্ণৰ আবাস দিব্য ষোড়শ হাজাৰ॥১৬ একৈ একৈ গৃহ যেন কৈলাস শিখৰ। অসখ্যাত সূৰ্য্য যেন জ্বলৈ নিৰন্তৰ॥ হীৰ৷ মৰকত মণিময় বত্ন কাষে। শাৰী শাৰী গৃহসব জ্বলৈ বাসে বাসে॥১৭ বিশ্বকৰ্ম্মে শিল্পি কৰ্ম্ম জানন্ত যতেক কৃষ্ণৰ আৱাসে তাক দেখিয় প্ৰত্যেক। দিব্য মনোহৰ গৃহে জগত আধাৰ। দেখাই মনুষ্যৰ লীল৷ ক্ৰীড়িল৷ অপাৰ। ১৮ ৰুক্মিণী প্ৰমুখ্যে কন্যা ষোড়শ হাজাৰ। পৰা সুন্দৰী ত্ৰিভুবন মধ্যে সৰি॥ কৃষ্ণৰ মহিযীৰূপে নাহি পটন্তৰ। কটাক্ষতে মন মোহ মিলে মদনৰ॥১৯ হেন ভাৰ্য্যা সঙ্গে ৰঙ্গে কৃষ্ণ কৃপাময়। কৰিল৷ অনেক কেলি মনুষ্যৰ নয়। কৃষ্ণৰ লীলাক কোনে বৰ্ণাবে শকত। কৰন্ত শয়ন ৰত্নময় আসনত॥২০ বিচিত্ৰ বহল হংস তুলি মনোহৰ। দুগ্ধফেন সন সুকোমল নিৰন্তৰ || ৰুচিকৰ চন্দ্ৰতাপ উপৰে প্ৰকাশে। মুকুতা মুৰালি খোপা হালয় বতাসে॥২১