সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৬ ৰহদৈ লিগিৰী নৱম অধ্যায় যোগবল নে মেছমেজিম? এইদৰে তিনি নিশা সাধন কৰা হ'লত চতুৰ্থ দিনা স্বামী আগমানন্দই পুৱাই স্নান-আহ্নিক পূজা-পাতল কৰি উঠি শ্ৰৱণানন্দক গোসাঁনীৰ নিৰামিষ ভোগ তৈয়াৰ কৰিবলৈ দি নিজৰ ধুনিৰ ওচৰত বহি ৰহদৈক মাতি নি সেৱা এটা কৰি ক'লে, – “মা! তোৰ কৃপাত এই দীন-হীন অধম সন্তান আগমানন্দৰ সাধন সিদ্ধি হ'ল। মা! এতিয়া ক তোক কি দক্ষিণা লাগে। যদি তই ৰাণী হ'ব খোজ তেন্তে তোক মই লৈ গৈ চন্দ্ৰকান্ত ৰজাৰ অতি প্ৰিয়তমা ৰাণী পাতি দিব পাৰোঁ। কি ৰূপচিং, কি ৰাজমাও, কি ৰজাৰ বৰ ৰাণী কেৱে তোক একো কৰিব নোৱাৰিব। যদি তই ধনবিত খোজ তেন্তে মই তোক ভিক্ষা কৰি আনি হ'লেও লক্ষ মোহৰ দিম। যদি কোনোবা দেশত জমিদাৰিণী হ'ব খোজ তেন্তে তোক মই কোনো এঠাইত জমিদাৰিণী পাতিও থৈ যাব পাৰোঁ। ক মা! তোক কি লাগে।” ৰহদৈ— বাবা! মই আগেয়ে কৈছো মোক ৰাণী পদ নালাগে। ঐশ্বৰ্য বিভূতি নেলাগে। আদমানন্দ— তেন্তে ক! তোক দয়াৰামক লাগেনে? যদি দয়াৰামক লাগে ম‍ই তাকে দিব পাৰোঁ। ৰহদৈ— বাৰু বাবা! কওকচোন দয়াৰাম জীয়াই আছেনে? আগমানন্দ— (অলপ পৰ সোঁ নাকটো টিপি) মা! সি জীয়াই আছে। ৰহদৈ— বাৰু কওকচোন সি ক'ত আছে? আগমানন্দ— (আকৌ নাক টিপি ধ্যান কৰি) মা! সি কমলাবাৰী সত্ৰত আছে— ভকত হৈছে গ'ল কালি। ৰহদৈ— বাবা! মই তাক ইয়াৰে পৰা দেখিব পাৰিমনে? বাবাজী— পাৰিবি। কিন্তু এতিয়া তই তাৰে সৈতে কথা হ'ব নোৱাৰিবি নিশা যেতিয়া সি শোৱে তেতিয়া তাৰে সৈতে তোৰ জীউটো গৈ কথাও হ’ব পাৰিবি। ৰহদৈ- তেন্তে বাবা। মোক এতিয়াই আপুনি তাক দেখুৱাওক। বাবাজী— (হাঁহি) “বাৰু। তই বহু, মই এফেৰা গুণন্ত্ৰ কৰোঁ। ভয় নকৰিবি।” এই বুলি কৈ বাবাজীয়ে সেই নিজৰ হাত দুখন ৰহদৈৰ মূৰৰ ওপৰত থৈ এবাৰ মাথোন হাত দুখন তললৈ নমাই দিলে সেই ৰহদৈ ঘোৰ ধ্যানস্থ অৱস্থাত পৰিল। তেতিয়া আগমানন্দই ক'লে— “মা” তই যা সত্ৰলৈ সোমাই যা। চা দয়াৰাম ক'ত আছে।”