সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ৬৩ মুখৰ পৰা বুকুলৈকে কোবাব ধৰিলে আৰু মাজে মাজে ফু মৰাৰ লগে লগে— “তুমি মোলৈ পাহৰা নাইনে?” এইষাৰ কথা ক'লে? ৰহদৈয়ে উত্তৰ দিলে “মই পাহৰা নাই।” বেজে আকৌ জাৰিলে, আকৌ ফু-মৰাৰ ছলেৰে ক'লে,— “প্ৰিয়তম! আপুনি মোক তিনিদিন এইদৰে জৰা-ফুকা কৰি ঘৰলৈ যাবগৈ। মই আপুনি যোৱাৰ পিছত আকৌ বেমাৰৰ ভাও জুৰিম তেতিয়া ৰজাই দিক্‌দাৰী পাই মোক তেউৰীয়া বুলি জানি এৰি দিব। অথবা তুমি যদি সাহ কৰা তেন্তে ৰজাৰ সমুখ হৈ আমাৰ পূৰ্ব প্ৰেমৰ কথা জনাবা— তেতিয়া হ'লে ৰজাই মৰম কৰি মোক তোমাকে গতাই দিবও পাৰে। ৰজাই সোণ-ৰূপৰ মুখেৰে মোক এইলেখীয়া কথা একাষাৰো কৈছিল। পিছত এতিয়া তোমাতহে কথা।” এইদৰে কথা-বতৰা পাতি জৰা-ফুকা কৰিলে। তাৰ পিছত আমাৰ বেজে ভানুক মাতি আনি ক’লে,— “আই! ৰোগীৰ দেৱতাটোৱে মোক কৈছে যে আৰু দুদিন তেওঁক জাৰিলেহে তেওঁ ৰোগীক এৰা দিব। সেই দেখি মই ইয়াতে আৰু দুদিন থাকি ৰোগীক জৰা-ফুকা কৰিব লাগিব; এৰা দি গ'লেই ভূতে আকৌ উদ্ভণ্ডালি কৰিব— সেই দেখি মোক বাহিৰচ'ৰাতে এডোখৰ ঠাই দিয়ক।” বেজৰ এই কথাত ভানুৱে তেওঁক চ’ৰাঘৰৰ চুক এটাত শুবলৈ যতন কৰি দিলে। ৰান্ধি-বাঢ়ি খাবলৈ কোৱাত তেওঁ নিশালৈ নাখাওঁ বুলি জনোৱাত চ’ৰাঘৰতে খাবলৈ পানী-পিঠাগুৰি যতন কৰি দিলে। টেঙৰী ভানুৱে কাণ অনাই কথা-বতৰাবিলাক শুনি আৰু বেৰৰ জলঙাৰে দুইকো দুয়ো চুমা খোৱা-খুই কৰা দেখি বঢ়িয়াকৈ বুজিলে কথাৰ ঢাল কোন পিনে। তেওঁ পুৱাই তেওঁৰ এটা বিশ্বাসী মানুহক সকলোবিলাক কথা কৈ আৰু সেই কথাবিলাক বৰবৰুৱাত জনাব লাগে বুলি আদেশ দি বৰবৰুৱাৰ ওচৰলৈ পঠিয়াই দিলে। ছদ্মবেশী বেজক দুপৰীয়া যতনেৰে ৰান্ধি-বাঢ়ি খাবলৈ দি আৰু আদৰ কৰি ৰাখিলে। চৌচল্লিশ অধ্যায় ৰাঙলী বাহৰত (বিচাৰ ) ভানুৱে পঠোৱা মানুহৰ মুখে এনেকুৱা বাতৰি পাই বৰুৱাই তৎক্ষণাৎ ৰাজমাৱৰ ওচৰলৈ গৈ কথাটো জনালে। ৰাজমাৱে ৰাণীক ক'লে। আজি ইমান দিনে বিচৰা সুচলটো ৰাণী আৰু ৰাজমাৱে উভয়ে পালে। দুপৰীয়া ৰজাই খাই-বৈ শোৱা খোঁটালীত বিশ্ৰাম কৰা সময়ত ৰাণী মাৱে ৰজাৰ ভৰিৰ তলুৱাত হাতৰ তলুৱাত তেল দি শুশ্ৰূষা কৰাৰ লগে লগে ক’লে,— “স্বৰ্গদেৱ ঈশ্বৰ! বেটীয়ে শুনিলো দেখোন ৰহদৈয়ে হেনো বেমাৰৰ ভাও জুৰি তাইৰ সৰুকালৰ সেই দয়াৰাম বোলা লাঠুৱা ল'ৰাটোক বেজস্বৰূপে চলাই লৈ আনন্দ কৰিব লাগিছে। মই নকৈছিলো