সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬২ ৰহদৈ লিগিৰী তিয়াল্লিশ অধ্যায় ৰাঙলী বাহৰত ৰজাৰ আদেশত ভানু আৰু কাঁহমতীয়ে ৰহদৈক জৰা-ফুকা কৰিবলৈ আকৌ বেজ বিচৰোৱাত আমাৰ দয়াৰামে সেই বাতৰি পাই বেজৰ দৰে পিন্ধি-উৰি কাষলটিৰ তলত জোলোঙা এটা লৈ ৰাঙলী বাহৰলৈ আহি চ'ৰাঘৰৰ পৰা খবৰ পঠিয়ালে যে জাৰি-ফুকি ভূত খেদাৰ পৰা, কামৰূপ আৰু মায়ঙত শিকি অহা ওজা এজন আহিছে। অনুমতি হ'লে তেওঁ এবাৰ চেষ্টা কৰি চাব খোজে। এই খবৰ পাই ভানু ওলাই আহি, বেজক তেওঁ ক'ৰ মানুহ, ক'ত গুণ-মন্ত্ৰ শিকিছে ইত্যাদি কথা সুধি শেহত ক'লে যে যদি তেওঁ ৰহদৈক ভাল কৰি দিব পাৰে তেন্তে ৰজাই তেওঁক বঁটা দিব। ভানুৰ কথাৰ উত্তৰত দয়াৰামে ক'লে যে ভূত-প্ৰেত খেদোৱা বিদ্যাত পাকৈত। তেওঁ ৰোগীৰ মুখ দেখিলেই বুজিব পাৰিব ৰোগীক কোন দেৱতাই বা ভূতে লভিছে। তেতিয়া তেওঁ দেৱতা অনুসৰি চিকিৎসা কৰিব। তেওঁৰ এই কথাত ভানুৱে গধূলি যেতিয়া ৰহদৈৰ আকৌ মূৰ্চ্ছা উপস্থিত হ'ল, তেতিয়া এই ছদ্মবেশী বেজক ভিতৰলৈ নিলে। বেজে ৰহদৈৰ ওচৰ চাপি ৰহদৈৰ মুখলৈ চালে। দেখিলে তিনি বছৰৰ আগেয়ে মুখৰ যি কান্তি আছিল এতিয়া যদিও বেমাৰত শেঁতা পৰিছে তথাপি তাতোকৈ জেউতি চৰিছে। তেওঁ ভানুক ক'লে,— “আই! ম‍ই মন্ত্ৰ মাতি যেতিয়া ৰোগীক বা ৰোগীৰ গাত লম্ভা দেৱতাজনক কথা সুধিম তেতিয়া ওচৰত কেওঁ থাকিব নালাগে। আন মানুহ ওচৰত থাকিলে ভূতে হয় বেছি উদ্ভণ্ডালি কৰিব নতুবা ওচৰত থকা মানুহৰ গাত লম্ভিব পাৰে। সেই দেখি ম‍ই মাতি নপঠাওঁ মানে আপোনালোক কেৱে যেন ইয়ালৈ নাহে।” চতুৰ চূড়ামণি বেজৰ কথা শুনি যদিও ভানু আঁতৰিল তথাপি সিটো খোঁটালীৰ পৰা কাণ অনাই শুনিবলৈ আৰু বেৰৰ জলঙাৰে চাই থাকিবলৈ এটা সুবিধা কৰি ল'লে। ভানু যোৱাৰ পিছত আমাৰ বেজে ৰহদৈৰ মুখৰ ওচৰলৈ মুখ নি লাহেকৈ ফু এটা মৰাৰ চলেৰে যে চুমা এটা খালে সেই ৰহদৈয়ে চৈতন্য পাই চকু মেলি চাই দেখে যে তেওঁৰ হৃদয়ৰ দেৱতা দয়াৰাম কাষতে। বেচেৰীয়ে মিচিক্‌কৈ হাঁহি এটা মাৰি সুধিলে— “তুমি ক'ৰ পৰা কেনেকৈ আহিলা?” দয়াৰাম — (ফুচফুচাই) “সেইবিলাক ভালেমান কথা। ম‍ই লাহে লাহে কম। তুমি সদ্যহতে আকৌ টোপনি যোৱাৰ ভাও কৰি থাকা। ম‍ই ফুওৱাৰ লগে লগে কথা ক'ম।” বেজৰ কথাত ৰহদৈয়ে আকৌ মিচিক্‌কৈ হাঁহি চকু মুদিলে। তেতিয়া আমাৰ ছদ্মবেশী বেজে জোলোঙাৰ পৰা পুথি এখন উলিয়াই ভানুক মাত দি পানী এবাটি, নালীয়া কটাৰী এখন, নতুন গামোচা এখন অনাই ভানুক আকৌ তাৰ পৰা বিদায় দি বাওঁহাতেদি নালীয়া কটাৰীখনেদি পানী লৰাই লৰাই, সোঁহাতে নতুন গামোচাৰে লাহে লাহে মন্ত্ৰ মাতি মাতি ৰহদৈৰ