সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৬ ৰহদৈ লিগিৰী কৰি খুৱাই-বুৱাই কাণত দৰৱ বটি দি আৰু জ্বৰ নহ'বলৈ কিবাকিবি ঔষধ খুৱাই শুৱাই থ'লে। ৰাণী মা আৰু গোহাঁইজনে বঢ়িয়াকৈ বুজিলে যে এই কাম মৰঙ্গিখোৱা গোহাঁয়ে কৰোৱালে। সপ্তম অধ্যায় মৰঙ্গি ত্যাগ এই ঘটনাৰ পিছদিনা ৰাতিপুৱাই কৃষ্ণদাসী, শ্ৰৱণানন্দ আৰু ঊৰ্ধ্ববাহু তিনিও স্নান-আহ্নিক কৰি পুৱাতে অলপ ভোগ তৈয়াৰ কৰি গোসাঁইত লগাই তিনিও টালি- টোপোলা বান্ধি লৈ ৰজা য'ত আছে তালৈ আহিল। ৰাণী মাৱে কৃষ্ণদাসী বৈষ্ণৱীক ভিতৰলৈ মাতি নিলে। শ্ৰৱণানন্দ আৰু ঊৰ্ধ্ববাহু দুয়ো বাহিৰতে গোহাঁইজনৰ লগত কথা-বতৰা পাতি বহি থাকিল। কৃষ্ণদাসীক মাতি নি ৰাণীয়ে কঠ এডোখৰ নিজহাতে পাৰি দি বৈষ্ণৱীক হাতযুৰি মূৰ দোঁৱাই সেৱা কৰিলে। কৃষ্ণদাসীয়ে “হাঁ ৰাণী মাও! আপুনি কি কৰে। দুখুনীক সেৱা কৰিব নাপায়। দুখুনীক সেৱা কৰিলে দুখুনীৰ পাপ হয়, কিয়নো আপুনি ৰাণী মাও।” ৰাণী— এ বৈষ্ণৱী মা! মইতো এতিয়া ৰাণী নাই। তাতে আকৌ তুমি বয়সে ডাঙৰ আৰু ভকতনী যেতিয়াই তুমি সেৱাৰ থলী। বৈষ্ণৱী— নহয় মা! দুখুনীক সেৱা নকৰিব। পিছত দুখুনীয়ে এই স্থান এৰি পৰশুকুণ্ডৰ ফালে যাওঁগৈ। কেৱল মাত লগাবহে সোমালোঁ। ৰাণী— বৈষ্ণৱী মা! তুমি কালি মোৰ ৰজাক যিদৰে বচালা তাৰ বাবেনো মই তোমাক কি দিম কি থ’ম, একোকে বিচাৰি নাপালো। সেই দেখি মা! ধৰক মোৰ গলৰ এই সোণৰ হাড়ডালকে লওক, এইবুলি ৰাণীয়ে হাড়ডাল খহাব ধৰোতেই কৃষ্ণদাসীয়ে হাত থাপ মাৰি ধৰি বাধা দি ক'লে— “ৰাণী মা! ৰাণী মা! বৈষ্ণৱীৰ বধে চুব, আপুনি গলৰ হাড় নোসোলোকাব। ৰজা জীয়াই থাকোঁতেই আপুনি গাৰ অলংকাৰ নখহাব। মোক হাড় বা ধন-বিত একো নালাগে। মই সংসাৰ বিৰাগী ভিখাৰিণী। মই হাড়, ধন-সোণ লৈ কৰিম কি। যদি একো দিব নোৱাৰিলে দুখুনীক চাউল এমুঠাকে দিয়ক— নতুবা যি হয় কল বা বেল যিহকে হয় এটা ফলকে দিয়ক। ধন-সোণ ভিখাৰিণীক নিদিব। পিছত কোঁৱৰক মোৰ ওচৰলৈ আনকচোন।” কৃষ্ণদাসীৰ এই কথাত ৰাণীমাও ভিতৰলৈ গৈ কল এক আষি আৰু বেল দুটাৰে সৈতে ৰাজকোঁৱৰ ঘনকান্তক (সেই সময়ত ঘনকান্ত কোঁৱৰ দুবছৰ বয়সীয়া) কোলাত লৈ ওলাই আহিল। বৈষ্ণৱীয়ে দুয়ো হাত পাতি ভিক্ষা ল'লে। তাৰ পিছত নিজৰ জোলোঙাৰ ভিতৰলৈ হাত সুমাই তৎক্ষণাৎ সোণৰ হাড় এডাল