সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ১২৫ পুতেক দুটা পলাই যেতিয়াই আকৌ মান আনিবলৈ গৈছে তেতিয়াই এই ৰাজ্যত আকৌ তল-ওপৰ লাগিব। ৰজা-- বৈষ্ণৱী! তোমাৰ মাতটো মোৰ তাহানিৰ ৰহদৈ লিগিৰীৰ দৰে। বৈষ্ণৱী- মাতৰ দৰে মাত হোৱাটো একো আচৰিত কথা নহয়। পিছত স্বৰ্গদেৱ! আপুনিনো আপোনাৰ সেইজনী লিগিৰীৰ বিষয়ে কেলেই বাৰে বাৰে এনেকৈ কৈছে। তাইৰ নিমিত্তে কেলেই ইমানকৈ মনত কৰিছে। ৰজা- (দীঘল হুমুনিয়া এটা কাঢ়ি) বৈষ্ণৱী! তোমাৰ মাতে মোক তাইলৈ বৰকৈ মনত পেলাইছে। তাইলৈ মনত পৰিলেই মোৰ শোক লাগে। বেচেৰীক ম‍ই তাইৰ ভালপোৱা ডেকা জয়াৰামে সৈতে মুক্তি দিছিলোঁ। পিছত মোৰ দুৰ্ভাগ্যৰ গুণে আইদেউতা আৰু বৰবৰুৱাই চক্ৰান্ত কৰি তাইক য'লৈকে ইচ্ছা বা মাজুলীৰ ফাললৈ পঠিয়ালে, তাক মোৰ আদেশৰ বিৰুদ্ধেও নগা পাহাৰৰ ফালে খেদি পঠিয়ালে। তাৰ শেষ গতি কি হ'ল ক'ব নোৱাৰিলোঁ; কিন্তু ৰহদৈ হেনো পানীত জাঁপ দি মৰিল। হাঁয় মোৰ কপালখন এনেকুৱা বেয়া যে মই এদিনলৈকে নিজ ইচ্ছামতে কোনো কামকে কৰিব পৰা নাই। মোৰ সকলো কামতে মোৰ আই-দেউতাই বাধা-বিঘিনি পেলাই ওলোটা কৰে। তাইক (ৰহদৈক) ম‍ই পোন প্ৰথমে মোৰ বৰ্তমান ৰাণীক বিয়া কৰোৱাৰ আগেয়ে বিয়া কৰাব খুজিছিলো— তাত মোক ৰাজমাও দেউতা পূৰ্ণানন্দ বুঢ়াগোহাঁই উভয়ে বাধা কৰিলে। শেষত তাইক ম‍ই দয়াৰামে সৈতে ঘৰ গিৰৰ্ত্তী কৰি খাবলৈ মুক্তি দিছিলো তাতো ৰাজমাও দেউতাই আৰু বৰবৰুৱাই ওলোটা কৰিলে। মই যদি সিহঁত হালকে কাৰেঙ্গলৈ আনি নিজ মুখে হুকুম দিলোহেঁতেন; তেনেহ'লে তাই নমৰিলেহেঁতেন। তাই সুখী হ'লহেঁতেন। আজি ম‍ই দয়াৰামৰ নিচিনা ডেকা এটাক মোৰ শৰীৰ ৰক্ষকস্বৰূপেও ৰাখিব পাৰিলোহেঁতেন। হাঁয় মোৰ কপাল! কৃষ্ণদাসী— “স্বৰ্গদেৱ ঈশ্বৰ। আপুনি যেনেকৈ পূৰ্বজন্মৰ নিজৰ কৰ্মফলৰ বাবে আজি এই দুখ ভুঞ্জিছে তাইৰো তাইৰ পূৰ্বজন্মৰ কৰ্মফলে তেনেকুৱা গতি হৈছে; ইয়াত আপোনাৰ বেজাৰ কৰিবগীয়া একো নাই। তাইলৈ আপুনি মনত নকৰিব। নাপায়। আপুনি এতিয়া এইকেইজন মানুহৰ লগত ঘৰলৈ যাওকগৈ নতুবা য'ত আছে তালৈ খবৰ পঠিয়াই দিয়ক আৰু মানুহ আহি আপোনাক ঘৰলৈ লৈ যাওকহি।” কৃষ্ণদাসীয়ে এই কথা কৈ উঠিয়ে মাথোন এনেতে যি ঘৰত ৰজা চন্দ্ৰকান্ত আছিল সেই ঘৰত গোহাঁইজনাই দুকুৰিমান মানুহ লগত লৈ পাল্কী এখনেৰে সৈতে আহি পালে। আৰু ৰজাক আলফুল কৰি ধৰি পাল্কীত তুলি ঘৰলৈ লৈ গ'ল। ৰজাৰ এই দশা দেখি ৰাণী মাৱে পাৰেমানে কান্দি কাটি ৰজাক শুশ্ৰূষা