ৰহদৈ লিগিৰী ১২১ এই কথা-বতৰাৰ পিছত কৃষ্ণদাসী আৰু শ্ৰৱণানন্দ ঊৰ্ধ্ববাহুৰ আশ্ৰমত ৰ'ল। ঊৰ্ধ্ববাহুৱে কৰিব লগা সকলো কাম কৃষ্ণদাসী আৰু শ্ৰৱণানন্দই হাতত ল'লে। আৰু ঊৰ্ধ্ববাহুৰ হাতখন আগৰ অৱস্থালৈ নিয়া কামত উভয়ে তেওঁক সহায় কৰি ঊৰ্ধ্ববাহুৰ আশ্ৰমতে ৰ'ল। পঞ্চম অধ্যায় গোলাঘাটত ঊৰ্ধ্ববাহুৰ আশ্ৰমত থাকি ঊৰ্ধ্ববাহুক পুৱা-গধূলি কাম-বনত, যোগত সহায় কৰাৰ লগে লগে কৃষ্ণদাসীয়ে কেতিয়াবা অকলৈ অকলৈ, কেতিয়াবা লগত শ্ৰৱণানন্দ বা ঊৰ্ধ্ববাহুক লৈ ওচৰৰ মৰঙ্গি, গোলাঘাট, কছাৰীহাট, গেলেকি, আঠগাঁও মৌখোৱা, ঢেকিয়াল ইত্যাদি গাঁওবিলাকত ভিক্ষা মগাৰ চলেৰে মানুহক ক'বলৈ ধৰিলে যে, আমাৰ বৰ দুদিন আহিব লাগিছে। পূবফালৰ পৰা এনেকুৱা এটা ধুমুহা আহিব লাগিছে যে, মানুহবিলাক এতিয়াৰে পৰা সাজু নহ'লে, এতিয়াৰে পৰা অধৰ্ম এৰি ধৰ্মত ধৰি দেশ ৰক্ষা কৰিবলৈ সাজু নহ'লে সেই প্ৰবল ধুমুহাই সৰ্বনাশ কৰিব। ঠায়ে ঠায়ে কেৱে কেৱে কৃষ্ণদাসীৰ কথা মানি ধৰ্মত মতি আনি ৰাজহুৱা নাম-গুণ পাতিলে। অনেক ঠাইতে কিন্তু তেওঁৰ কথা নামানি তেওঁক ইতিকিঙো কৰিলে। তেওঁ গাঁওবিলাকত দেখিবলৈ পালে যে অসমীয়া মানুহৰ মনত আধ্যাত্মিক ভাব নাই। তাৰ স্থলত হিংসা, দ্বেষ, অসূয়া ইত্যাদিৰে ভৰপূৰ। নামঘৰ লৈয়ে গাঁৱে গাঁৱে দুখনীয়া মেল। নামঘৰবিলাক জীৰ্ণ-শীৰ্ণ হৈছে সংস্কাৰ হ'লে কেৱে নকৰে; কিন্তু তোৰ মোৰ কৰি কেৱল হাই-দন-কাজিয়াত মত্ত। বাপেকক পুতেকে নামানে— ঘৰে ঘৰে স্বামীয়ে স্ত্ৰীয়ে কাজিয়া। সম্পত্তি লৈ ভায়ে ভায়ে টঙনীয়া- টঙনি। মিছা, বেশ্যা ইত্যাদিৰে দেশ ভৰপূৰ। ৰাজনীতি লৈয়ো মানুহবিলাকে দুখেলীয়া। কেৱে চন্দ্ৰকান্ত-সত্ৰাম ফলীয়া, কেৱে বুঢ়াগোহাঁইৰ ফলীয়া। কৃষ্ণদাসীয়ে বঢ়িয়াকৈ বুজিলে যে অসমীয়া মানুহ ধ্বংসৰ বাটত। তেওঁ ঠাইতে মানুহক বুজনি দিব আৰু কৃষ্ণ গীত-পদ, কীৰ্ত্তন দশমৰ পৰাই গাই শুনাব ধৰিলে। তেওঁ নানা উপায়ে মানুহৰ মন ধৰ্মৰ ফালে আকৰ্ষণ কৰিব ধৰিলে। দেশ ৰক্ষক যোদ্ধা বীৰ জাতিৰ আহোম আৰু চাওডাঙসকলক ঈশ্বৰ চিন্তা কৰাৰ লগে লগে নিজৰ নিজৰ কৰ্তব্য পালন কৰিবলৈ উদগনি দি ফুৰিলে। ঠায়ে ঠায়ে নাম-সবাহ পতোৱালে আৰু এইদৰে কিছুদূৰ কৃতকাৰ্য হ'ল। তেওঁ সপোনত দেখা কথাটো মনত কৰি কৰি কৃষ্ণৰ ধৰ্ম প্ৰচাৰ কৰি ফুৰিলে। মানুহক সৎপথলৈ অলপ পৰিমাণে ঢাল খুৱালে।
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১২৪
অৱয়ব