সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২০ ৰহদৈ লিগিৰী গীত শুনি যাৰে যি ইচ্ছা তাকে দিছিল। ঊৰ্ধ্ববাহৰেও দ্বিৰুক্তি নকৰি যেয়ে যিহকে দিয়ে তাতে সন্তুষ্ট হৈ আশীৰ্বাদ দি ঘৰলৈ উভতিছিল। ফাগুন মাহ। বসন্ত কাল। এনেতে এদিন মূৰত অলপ জঁট থকা, মেলি থোৱা চুলিৰে সৈতে এই আহোম গাঁৱলৈ এজন তিনিকুৰিমান বছৰ বয়সীয়াল বৈষ্ণৱী লগত এটা ডেকা সন্ন্যাসীৰে সৈতে আহি নৈৰ পাৰত আঁহত গছ এজোপাৰ তলত আসন পাতি বহিল। নৈয়েদি যোৱা মানুহক শুনাই শুনাই বৈষ্ণৱী জনাই অসমীয়া মাতেৰে বৰগীত, নাম-পদ গাব ধৰিলে। এজন-দুজনকৈ এই বৈষ্ণৱীৰ ওচৰলৈ মানুহ চাপিব ধৰিলে আৰু বৈষ্ণৱীক “ক'ৰ পৰা আহিছে, ক'লৈ যাব, কি লাগে, আগেয়ে কোন গাঁৱৰনো অসমীয়া মানুহ আছিল” ইত্যাদি নানা কথা সুধিলে। বৈষ্ণৱীয়ে ‘পৰশুৰামকুণ্ড তীৰ্থ কৰিবলৈ যাম, পছিমৰ ফালৰ পৰা আহিছোঁ, আগৰ মাজুলীৰ ফালৰে অসমীয়া মানুহ আছিলোঁ, কেও কোনো নোহোৱাত বৈষ্ণৱী হৈ খুজি-মাগি খাই ফুৰিছোঁ” ইত্যাদি ৰূপে উত্তৰ দিলে। কথা সোধাৰ লগে লগে কেৱে কেৱে বৈষ্ণৱীৰ পৰা ঔষধো বিচাৰিলে। বৈষ্ণৱীয়ে “ঔষধ-পত্ৰ নাজানো” বুলি কৈয়ো ৰক্ষা নাপাই পিছত কাকো কাকো একো চিকটা মাটিকে দিলে। বৈষ্ণৱীৰ ওচৰলৈ অহা মানুহবিলাকে বৈষ্ণৱী আৰু বাবাজীৰ মন ল'বৰ নিমিত্তে কেৱে চাউল-পাতি, কেৱে গুড়, কেৱে গাখীৰ আনি দিলে। নিশা হলত বৈষ্ণৱীয়ে গছৰ তলতে ধুনি জ্বলাই থাকিব খোজাত ৰাইজে তেওঁলোকৰ ওচৰতে থকা ঊৰ্ধ্ববাহু সন্ন্যাসীৰ আশ্ৰমলৈ নি তাত থৈ ক'লে “বাবা! আৰু বৈষ্ণৱী মা! আপোনালোক দুজন ইয়াত যিমানদিন থাকে মানে আমি ৰাইজে পুহি থাকিম।” বাবাজী আৰু বৈষ্ণৱীয়ে ঊধ্ববাহুক “নমো নাৰায়ণায়” বুলি সেৱা কৰিলে। ঊধ্ববাহুৱেও সেইদৰে “নমো নাৰায়ণায়” বুলি সেৱা জনালে। তাৰ পিছত ঊধ্ববাহুৱে বৈষ্ণৱীৰ নাম-ধাম সোধাত বৈষ্ণৱীয়ে ক'লে— তেওঁৰ নাম কৃষ্ণদাসী— তেওঁ স্বামী প্ৰেমানন্দৰ শিষ্য। - ঊৰ্ধ্ববাহু— “কোন প্ৰেমানন্দ স্বামী আঁতি-গুৰি মাৰি কোৱাচোন।” কৃষ্ণদাসীয়ে তেতিয়া বিশ্বাসতে ক'লে প্ৰেমানন্দ আগেয়ে কোন আছিল। আগমানন্দৰ নাম শুনি ঊধ্ববাহুৱে ক'লে— “মা! ময়ো সেই মহাপুৰুষৰে মন্ত্ৰশিষ্য। তেওঁ মোক এইটো হঠযোগ দি বাৰ বছৰ কাল ইয়াত থাকিবলৈ কোৱাত আজি প্ৰায় বাৰ বছৰ কাল ইয়াত আছোঁ। এতিয়া মোৰ হাতখনো অলপ অলপকৈ নামিব ধৰিছে— ইয়াত থকা কালো উকলিল। এতিয়া বহিন, মই আৰু তোৰ লগতে পৰশুৰামকুণ্ডলৈ যাম আৰু কিছুকাল তোৰ লগতে ফুৰিম।” ঊৰ্ধ্ববাহুৰ এই কথাত কৃষ্ণদাসীয়ে ক’লে— “বাৰু! কোনো কথা নাই।”