১১৮ ৰহদৈ লিগিৰী বিৰোধ কৰাজনকো তই খং নকৰিবি, শাও নিদিবি; সি আপোনা-আপুনি বিৰোধ কৰাৰ ফল পাব। তোক যোনে পৰি পৰি সেৱা কৰিব তাকো ‘তোৰ ঈশ্বৰত ভক্তি হওক' এই আশীৰ্বাদত বাজে আন কোনো আশীৰ্বাদ নিদিবি। তই শীত, গ্ৰীষ্ম, সুখ এই সমস্তৰে অতীত হ'লি। তোক শীতেও ঠেটুৱা লগাই কষ্ট দিব নোৱাৰিব, গ্ৰীষ্মেও গৰম লগাই, মহে-দাহে কামুৰি কষ্ট দিব নোৱাৰিব। মুঠতে তই অষ্টসিদ্ধি নবনিধিৰ গৰাকিনী হ'লি। তোৰ ইচ্ছা আছে যদি তই কেইবছৰমান তোৰ এই অসম দেশত ফুৰ। তোৰ দেশৰ মানুহ বৰ পাপী হৈছে অলপতে আৰু চাৰি-পাঁচ মাহৰ পিছৰে পৰা প্ৰায় পাঁচ বছৰলৈকে এই অসম দেশ ধ্বংস হ’বৰ আগন্তুক হৈছে। পূবফালৰ পৰা অসংখ্য বৰ্বৰ নিষ্ঠুৰ মানুহ আহি তোৰ অসমীয়া মানুহক এফালৰ পৰা কাটি-ছিঙি খাষ্টাং কৰি আহিব। যি মানুহ পুণ্যবান; সি হয়তো প্ৰাণ নমৰি ৰক্ষা পাব। পাপী মাত্ৰেই এই বৰ্বৰৰ হাতত জাত-কুল, ধন-প্ৰাণ সমস্ত হেৰুৱাব। এই কালটোত আতুৰ হৈ যেয়ে কৃষ্ণক ‘ত্ৰাহি মধুসূদন' বুলি আৰ্তনাদ কৰি একান্তমনে মাতে তেনেকুৱাক তই ওচৰত থাকিলে যেনেকৈ পাৰ তেনেকৈ সহায় কৰিবি— সেৱা-শুশ্ৰূষা কৰিবি। সেৱাব্ৰত মহৎ ধৰ্ম। তই এই পাঁচ-ছবছৰ কাল অসমত সেৱা ব্ৰত লৈ ফুৰ। মানুহৰ লগত কথা-বতৰা পাতি ঠায়ে ঠায়ে নাম-সৱাহ ধৰোৱাই মানুহক ভগৱান কৃষ্ণৰ সেৱা ভক্তিলৈ যিমানদূৰ পাৰ নিবি, কিয়নো ঈশ্বৰ কৃষ্ণই তোক দেখুৱা সেই সপোনতে তোক এইটো আদেশ দিছে। কৃষ্ণ পৰম দয়ালু। তেওঁ সংসাৰৰ প্ৰাণীক তেওঁৰ সেই সুললিত বংশীৰে মাতিবই লাগিছে; কিন্তু দুখৰ বিষয় মনুষ্য জাতিয়ে সেইটো আহ্বানলৈ আওকাণ কৰি কলিৰ প্ৰলোভনত পৰি আত্মহাৰা হৈ নিৰয়গামী হৈছে। প্ৰাণীক তেওঁৰ ফাললৈ ঢাল খুৱাবলৈ ঈশ্বৰ কৃষ্ণই তোৰ মোৰ নিচিনা দুই- চাৰ্জিনক তেওঁৰ কামত সহায় কৰিবলৈ, সংসাৰত নানা দুখ-কষ্ট দি, নানা সাধনা কৰোৱাই তেওঁৰ কৰ্মৰ সহায়কাৰী কৰি লয়। এয়ে বিধান। মহাপুৰুষসকলে সংসাৰৰ পাপ-তাপ আঁতৰাই মনুষ্যক ঈশ্বৰমুখী কৰিবলৈ আদিষ্ট হৈ জন্ম লয়। মনত সন্তোষ লভিবি মা! তয়ো সেইসকলৰ সেৱা ধাৰিণী এজনী। গত জন্মত মা! তই উত্তৰাখণ্ডৰ হৰিদ্বাৰত বহি যোগ সাধন কৰিছিলি, পিছত দয়াৰাম বোলা তোৰ গতজন্মৰ আগৰ জন্মৰ স্বামীজনে গৈ তোৰ যোগ ভংগ কৰিলে। পিছত তই কাৰ কুহকত পৰি যোগৰ বাট এৰি তাৰে সৈতে আকৌ গৃহস্থী কৰিছিলি। পিছত দুয়ো নিঃসন্তান হৈ মৰিলি। সি দয়াৰাম হৈ উপজিছে, তই এই ভুৱনমোহিনী ৰূপ লৈ উপজিলি। গত জন্মৰ গৃহস্থী কৰ্মে তোক আকৌ দয়াৰামৰ প্ৰেমলৈ টানিছিল। তোৰ ঈশ্বৰ মুখী যোগে তোক তাৰ লগত লাগিব নিদি ঘটনাচক্ৰৰ মাজেদি তোক এতিয়া
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১২১
অৱয়ব