সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ১১৭ গুৱাহাটীলৈ আহে। ৰুদ্ৰৰাম উজীৰ ককাইদেউতাই ৰামছা, পাণবাৰী ইত্যাদি তিনি- চাৰিখন মৌজাৰ মৌজাদাৰ হয়। পিতৃ দেৱতাই কৰ্ণেল এগ্নিউছ, জেনেৰেল জেন্‌কিন্‌ছ এইসকলৰ চিৰাৰত কাম কৰিছিল৷ মানৰ পৰা এই গ্ৰন্থকাৰৰ পূৰ্বপুৰুষসকলে দুখ পোৱাৰ বাবেই এই গ্ৰন্থকাৰে ঔপন্যাসিকস্বৰূপে ৰঙ্গিলী, নিৰ্ম্মল ভকত, ৰহদৈ লিগিৰী, মনোমতী এই চাৰি উপন্যাস আহোম ৰজাঘৰৰ ক্ৰমপতন আৰু মানৰ অত্যাচাৰ বৰ্ণনা কৰি ৰাইজলৈ আগবঢ়াইছে। তৃতীয় অধ্যায় শিলঘাটত আগমানন্দ স্বামীয়ে এজন ল'ৰাৰ বেশ ধৰি গহ্বৰৰ পৰা ওলাবৰ এমাহৰ পিছত এদিন কৃষ্ণদাসী, শ্ৰৱণানন্দ, পৰমানন্দ এই তিনিওজনকে বহুৱাই লৈ ক’লে

— “পিছত মা কৃষ্ণদাসী! মোৰ নাম হ'ল এতিয়াৰ পৰা প্ৰেমানন্দ। তোৰ সাধনা

সিদ্ধি হ'ল। যি বিচাৰিছিলি তাকে পালি। পিছত মা! মই তোৰ ঋণৰ পৰা মুক্ত হলো নে?” ৰহদৈ— বাবা! আপুনি মোৰ ঋণৰ পৰা সম্পূৰ্ণ মুক্ত যে হ'লেই বৰং আপুনি মোৰ মন্ত্ৰদাতা, নতুন জন্মদাতা গুৰু হৈ মোকহে আপুনি আকৌ ঋণত আবদ্ধ কৰিলে। আগমানন্দ— মা! তোক মই এতিয়া কেতখিনি কথা কওঁ। তই এই সাধনাৰ বলত য'তে-ত'তে ইচ্ছা হ'লে অসাধ্যকো সাধন কৰি ফুৰিব পাৰিবি; কিন্তু সাৱধান। সতকাই অসাধ্য সাধন নকৰিবি। সতকাই তোৰ বিভূতি কাকো নেদেখুৱাবি। ইয়াৰ কাৰণ এই যে যেনেকৈ বৰ বিষাক্ত সাপে য'তে-ত'তে তাৰ বিষৰ প্ৰয়োগ কৰি খুটিয়াই ফুৰিলে তাৰ বিষদাঁত ভাগে সেইদৰে বিভূতিপূৰ্ণ যোগীয়ে বিভূতি দেখুৱাই ফুৰিলে শেহত সেই যোগীৰ পতন হয়; কিয়নো বৰ্তমান কালটো কলিৰ ৰাজত্বৰ কাল। কলিয়ে তাৰ প্ৰভাৱ হীন হ'বলৈ সতকাই এৰি নিদিয়ে। তই ইচ্ছা কৰিলে তোৰ যিমান দিনলৈকে ইচ্ছা সিমান দিনলৈকে ভোক- পিয়াহ ৰহিত কৰি বায়ুভক্ষী হৈও থাকিব পাৰিবি। তোৰ শৰীৰৰ বল এফেৰাও হ্ৰাস নহ'ব, মনতো কোনো কষ্টকেই অনুভৱ নহ'ব। খাওঁ বুলি আকৌ দহজনৰো আহাৰ অকলৈ খাব পাৰিবি। কাম ৰিপুৱে তোক পৰাজয় কৰিব নোৱাৰিব। ইচ্ছা হ'লে কাকো তোৰ সেই আগৰ ভুৱনমোহিনী ৰূপো ক্ষন্তেকলৈ দেখুৱাব পাৰিবি। তই কাকো প্ৰাণটাকি খং নকৰিবি বা শাও নিদিবি কাৰণ তই প্ৰাণটাকি যৎকিঞ্চিৎ খং কৰিলেই যাৰ ওপৰত খং কৰ সেইজনৰ সৰ্বনাশ থিতাতে হ'ব। য'ত দেখুৱাব লাগে ত'ত মাথোঁ মুখেৰেহে খং দেখুৱাবি, অন্তৰে সৈতে কাকো খং নকৰিবি, তোক