ৰহদৈ লিগিৰী চাৰু চাৰি ভুজ জ্বলে আজানুলম্বিত। কৰিকৰ সম উৰু বৰ্ত্তুল ললিত॥ ৯ পাঁচোখন নাৱে কোবেৰে খেৱা মেলিলে। কোবেৰে গৈ সিপাৰ পাওঁ পাওঁ হ'লত গাভৰুসকলে আকৌ গালে— “ঘাটে নাও চপাই দিয়া অ' বনমালী” নাও পাৰ পাওঁ পাওঁ হৈছিল। পাৰলৈ মুঠেই তিনি নল মানহে আছিল। এনেতে দয়াৰামহঁতেৰ নাওখনে সৈতে আন এখন নাৱৰ খুন্দা লগাত দয়াৰামৰ নাওখন অলপ কাতি হ'লত মানুহবিলাক সোপায়ে পানীত পৰিল। ভাগ ভাল যে পানী থাউনি পোৱা নাছিল। নৈৰ সোঁত কোবাল নাছিল, তদুপৰি মাজুলীয়াল প্ৰায় মতা- মাইকী, ডেকা-গাভৰু, ল'ৰা-ছোৱালী সকলোৱে সাঁতুৰিব জানিছিল। এটি প্ৰাণীৰো হানি-বিঘিনি নহ'ল। জুৰুলি-জুপুৰি হৈ পাৰত উঠি নৈৰ বালিত শুকান নল-খাগৰি আৰু কাঠেৰে জুই একুৰা জ্বলাই কাপোৰ-কানি সেকি ইকেইখন নাৱৰ মানুহৰ পৰা অলপ জা-জলপান লৈ হাঁহি-খিকিন্দালি কৰি খাই ৰংপুৰ নগৰৰ ফালে খোজ লৈ গধূলি নৌহওতেই সকলোবিলাক নগৰৰ ওচৰৰ গাঁওবিলাকত চিনাকি আৰু সম্পৰ্কীয় মানুহৰ ঘৰে ঘৰে আশ্ৰয় লৈ ৰ'ল। সপ্তম অধ্যায় বুৰঞ্জী আমাৰ অসমৰ আহোমসকল আদিতে যে মহান বৌদ্ধধৰ্মাৱলম্বী আছিল এই কথা বুৰঞ্জী পঢ়া মানুহ মাত্ৰেই জানে। যিমান দিনলৈকে আমাৰ আহোম ৰজাসকল আমাৰ হিন্দুৰ সংসৰ্গলৈ নাহি বৌদ্ধ হৈ আছিল আৰু হিন্দুৱে সৈতে বিবাহাদি সূত্ৰত আবদ্ধ হোৱা নাছিল, সিমান দিনলৈকে আহোমসকল বলী আৰু বীৰত্বৰে পৰিপূৰিত আছিল বুলি আমাৰ অনেক ভাতৃয়ে কয়। আনকি মোগলেও ওঠৰবাৰ অসম আক্ৰমণ কৰিও আহোমক পৰাস্ত কৰিব পৰা নাছিল। পিছত যেতেকে আহোমসকলৰ কাল পুৰণি হৈ আহিল, তেতেকে আহোমসকলে হিন্দুৰ সংসৰ্গত বেছিকৈ পৰিব ধৰিলে; আহোম ৰজাৰ সভাত ব্ৰাহ্মণ আৰু আন আন ওখ খাপৰ হিন্দুসকলে স্থান পালে। হিন্দুৰ ধৰ্মমত জানি শুনি আৰু হিন্দু ধৰ্মই যে পৱিত্ৰ বৌদ্ধধৰ্মৰ জন্মদাতৃ মাতৃ, বুদ্ধদেৱ যে ক্ষত্ৰিয় হিন্দু ৰাজ্যৰহে সন্তান আছিল আৰু বুদ্ধদেৱ যে হিন্দুৰ দহ অৱতাৰৰ নৱম অৱতাৰ ইত্যাদি কথা শুনি আহোম ৰজাসকলৰ মন ৰুদ্ৰসিংহৰ দিনৰে পৰা হিন্দু ধৰ্মলৈ ঢাল খালে। ইয়াৰ ফলত ৰুদ্ৰসিংহ স্বৰ্গদেৱে পোনপ্ৰথমে ১৭১০ খ্ৰীষ্টাব্দত নদীয়াৰ কৃষ্ণাৰাম ভট্টাচাৰ্যৰ
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১২
অৱয়ব