সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ ৰহদৈ লিগিৰী ইত্যাদি গাঁৱৰ পৰা জাকে জাকে মতা-মাইকী, ল'ৰা-ছোৱালী, ডেকা-গাভৰু সকলোৱেই নৈ পাৰ হৈ ৰংপুৰৰ ফালে খোজ ল'লে। কমলাবাৰী গাঁৱৰ পৰা দয়াৰামকে প্ৰমুখ্য কৰি তিনি-চাৰিজন ডেকাই গাঁও গোটেইখনতে জনাই ফুৰিছে তেওঁবিলাক ৰংপুৰলৈ ৰজা-ঘৰৰ দুৰ্গা পূজা চাবলৈ যাব। যাৰ যাৰ ইচ্ছা আছে সেইসকল খাই-বৈ ওলাওক। ডেকাসকলৰ এই জাননীত গাঁৱৰ দহ-বাৰ্জনীমান গাভৰু, পোন্ধৰ-ষোলটামান ল'ৰা-ছোৱালী, দুই-চাৰিজন বুঢ়া-বুঢ়ী দুপৰীয়া ভাত- পানী খাই ভালকৈ পিন্ধি-উৰি লগত চাৰি-পাঁচ দিন জোৰাকৈ চাউল-চৰু, হাতত অলপ ধন-বিত লৈ বেলি দুপৰমানত কমলাবাৰী ঘাটত থকা পাঁচখন নাৱত উঠিল। সেয়ে যাৰ লগ ভাল পালে সেয়ে সেই নাৱত উঠিল। তিনি-চাৰিজনী গাভৰু, পাঁচোটা ল'ৰা আৰু দুই-চাৰিজন বয়সীয়াল মানুহে সৈতে ৰহদৈ দয়াৰামৰ নাৱত উঠিল। দয়াৰামেই সেইখন নাৱৰ গুৰিয়াল হ'ল। আগত আন এজন ডেকা আগুৱাল হ'ল। মাজত পাঁচজনী গাভৰুৱে সৰু সৰু হাত বঠা ল’লে। ইবিলাক নাৱতো সেইদৰে মানুহ উঠিল। উজনি আৰু ভাটিফালৰ আন আন গাওঁবিলাকৰ পৰাও তিনি-চাৰিখন মানকৈ নাও লৈ মাজুলীয়াল ল'ৰা-তিৰোতা, ডেকা-গাভৰু, বুঢ়া-বুঢ়ী, ৰজাঘৰৰ দুৰ্গোৎসৱ চাবলৈ ওলাল। সকলোবিলাক মানুহে নাৱত উঠা হ’লত “জয় বাবা ব্ৰহ্মপুত্ৰৰ জয়। আমাক বাবা যেন সুকলমে পাৰ কৰোৱা।”— এই বুলি হৰিধ্বনি দি নাও এৰি দিলে। পাঁচোখন নাও একেলগে চলিল। প্ৰত্যেকখন নাৱৰ মানুহৰ কোনে আগবাঢ়িব পাৰে এনেকুৱা এটা অৰিয়া-অৰি ভাব হ'ল। বঠাৰ চাবে চাবে গাভৰুসকলে গালে— ঘোষা কৃষ্ণ গোপাল কৰুণাময় ৰাম ৰাম হৰি। পদ কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ। শঙ্খ চক্ৰ গদা পদ্ম কৰত তোমাৰ॥ পীতবস্ত্ৰে শোভে আতি শ্যাম কলেবৰ। কমললোচন চাৰু অৰুণ অধৰ। সুন্দৰ নাচিকা কৰ্ণে মকৰ কুণ্ডল। কণ্ঠত কৌস্তুভ শিৰে কিৰীটি উজ্জ্বল॥ আপাদলম্বিত বনমালা জ্বলে গলে। শোভে অতি শ্ৰীবৎস বহল বক্ষস্থলে॥