১০০ ৰহদৈ লিগিৰী দ্বাদশ অধ্যায় আশ্ৰমত বাবাজীৰ আদেশ পালন কৰি বেচেৰী ৰহদৈ নিশা যৱৰ ৰুটী খাই পৰি থাকিল। ৰাতি পুৱাওঁ পুৱাওঁ হওতে এটা সপোন দেখি ৰাম কৃষ্ণ স্মৰণ কৰি উঠিল। বাবাজীও উঠি নিত্য-নৈমিত্তিক কৰি স্নান-আহ্নিক পূজা-সেৱা কৰিলে। ৰহদৈয়েও গা-পা তিয়াই ঈশ্বৰ কৃষ্ণক চিন্তি দেৱী ঘৰৰ ভিতৰলৈ গৈ বাবাজীৰ সন্মুখত পাৰি থোৱা কঠ এডোখৰত বহিল। বাবাজীয়ে সুধিলে, – “মা! তই সম্পূৰ্ণ মন স্থিৰ কৰিলিনে?” ৰহদৈ— বাবা! মই কৃতসংকল্প। যদি বাবাই মোক কৃপা কৰি কৃষ্ণ মন্ত্ৰ নিদিয়ে তেন্তে মই আকৌ ইবেলি হয় জুইত পুৰি মৰিম নহয় পানীত জাঁপ দিম। মোৰ এই কালৰূপটোকে বাবাই বদলাই দিব লাগিব। আগমানন্দ— মা! বাৰু তোক সদ্যহতে মই কৃষ্ণ মন্ত্ৰ দিওঁ৷ পিছত অতি কমেও পোন্ধৰ দিনৰ পিছতহে তোৰ ৰূপ বদলোৱাৰ বিষয়ে কম। তই সাজু হৈছ মন্ত্ৰ ল'বলৈ? ৰহদৈ— হৈছোঁ। বাবাজী- সংসাৰ ধৰ্ম পালন নকৰো বুলিছ? ৰহদৈ— বাবা! মই আৰু গৃহস্থী নকৰোঁ। বাবাজী— তেন্তে মা! মোৰ দোষ নাই, মোৰ পাপো নাই। আমি হঠাতে কাকো মন্ত্ৰ দি চেলা বনাই গুৰুগিৰি নকৰোঁ কিয়নো আমাৰ মতে জীৱক তাৰ প্ৰবৃত্তি অনুৰূপ কাম কৰিবলৈ বাধা দিয়াটো পাপ। যি যিটো সুখ বিচাৰে সি সেইটোকে ল'ব তাক সেই সুখৰ পৰা বঞ্চিত কৰিব নোখোজো। যদি সেই সুখটো বিচাৰি বা লভি পৰিণামে তাৰ পৰা দুখ পায়, তেন্তে সেই জীৱই নিজে নিজে সৎ পথলৈ উলটিব। সেইদেখি আমি তান্ত্ৰিকে আনকি ওখ শ্ৰেণীৰ যোগী ঋষিসকলে হঠাতে শিষ্য ভজাই নুফুৰোঁ। তোক মই দঢ়াই দঢ়াই কৈ চালো সংসাৰ কৰিবলৈ। তই নকৰ সংসাৰ। তেন্তে তোক একেবাৰে উদাসভাৱে কৃষ্ণৰ মন্ত্ৰ জপিবলৈ দিওঁ। এই বুলি কৈ বাবাজীয়ে ৰহদৈক কৃষ্ণৰ ষোল্ল অক্ষৰী জপ দিলে। কৃষ্ণৰ যুৱা অৱস্থাৰ মূৰ্তিটোৰ ধ্যান দিলে। আমাৰ অসমৰ শংকৰ-মাধৱদেৱ মহাপুৰুষে যি গীত- পদ নাম ৰচি থৈ গৈছে তাকে গাবলৈ উপদেশ দিলে। মন্ত্ৰ পাই উঠিয়েই ৰহদৈয়ে গালে—
পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১০৩
অৱয়ব