সমললৈ যাওক

পৃষ্ঠা:ৰহদৈ লিগিৰী.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহদৈ লিগিৰী ৯৯ হওক বা পিছদিনা ৰাতুিৱাই হওক তোমাক কৃষ্ণ মন্ত্ৰত দীক্ষিত কৰিম। কিন্তু মা! দীক্ষা লোৱাৰ আগেয়ে ভাবি-চিন্তি বঢ়িয়াকৈ চাবা তোমাৰ মনত সংসাৰ কৰিবলৈ লেশমাত্ৰও ভাব আছেনে। যদি তোমাৰ মনত তেনেকুৱা এফেৰি মনোভাব থাকে তেন্তে তুমি দীক্ষা ল'ব নোৱাৰিবা। তুমি যাকে তাকে এজন পুৰুষক বিয়া কৰাই প্ৰথমে তোমাৰ পূৰ্বাপৰ সত্ৰৰ ওচৰত শৰণ ল'ব লাগিব তাৰ পিছত স্বামী-স্ত্ৰী উভয়ে একেলগে মন্ত্ৰ গ্ৰহণ কৰি দীক্ষিত হ'ব পাৰিবা— সেইদেখি ম‍ই তোমাক কালিৰ দিন-ৰাতিটো আৰু পৰহিৰ দিন-ৰাতিটো ভালকৈ ভাবি-চিন্তি চাবলৈ দিলোঁ।” এই কথা কৈ আগমানন্দ স্বামী নিজৰ ধুনিৰ ওচৰত আসনত বিশ্ৰাম ল'লেগৈ। আমাৰ ৰহদৈয়েও নিদ্ৰাদেৱীৰ কোলাত বিশ্ৰাম ল'লে। 7 একাদশ অধ্যায় প্ৰৱণান। পিছদিনা নিশা ৰহদৈক কোৱামতে আগমানন্দ স্বামী মিৰি গাঁৱলৈ গৈ নিশা তাতে ৰ'ল। ইপিনে সেই নিশা আচল ধুনি ঘৰটোত বাৰী-চোৱা বুঢ়াটোৰ টোপনি আহিলত শ্ৰৱণানন্দ ৰহদৈৰ ঘৰৰ ভিতৰলৈ আহি তাইৰ ধুনিৰ কাষত বহি ৰহদৈক ক'লে— “গাভৰু! তোমাৰ ৰূপটো বৰ মনোমোহা। ম‍ই তোমাক দেখিবৰে পৰা আজি এই সাত-আঠ দিনে তোমাৰ ৰূপত বলিয়া হোৱা দি হৈছোঁ। মোৰ যোগ ধ্যান সকলো মিছা হৈছে। তুমি মোত ভজা। ম‍ই তোমাক পলুৱাই পশ্চিমৰ ফালে গৈ বিয়া কৰাই ৰজাৰ ৰাণী সদৃশকৈ ৰাখিম।” ৰহদৈ— “কি ক'লা বাবাজী? তুমি আগমানন্দ মহাপুৰুষৰ চেলা নোহোৱানে? মহাপুৰুষে তোমাক এইটো শিক্ষাকেহে দিছেনে? মাতৃসেৱক হৈ মাতৃগমন কৰিবলৈ বিচাৰানে? তুমি এতিয়াও বুজিব পৰা নাইনে মই কিটো বেজাৰত পানীত জাঁপ দি মৰিবলৈ বিচাৰিছিলোঁ? মই এই পৱিত্ৰ ধামত — শান্তিৰ ঠাইতো শান্তি নাপামনে? ধন্য মোৰ এই কালস্বৰূপ ৰূপটো। বাবাজী, তুমি যি এবাৰ ক'লা, ক'লা আৰু দ্বিতীয়বাৰ যদি তুমি এনেকুৱা পাপ কথা কোৱা তেন্তে ম‍ই নিশ্চয় তোমাৰ আগতে এই ধুনিতে পুৰি মৰিম। তুমি ভালে ভালে ওলাই যোৱা।” ৰহদৈৰ এই কথা শ্ৰৱণানন্দ ওলাই আহি নিজৰ আসনত পৰি থাকিল। ৰহদৈয়ে আকৌ প্ৰায় ওৰে নিশাটো কান্দি কটালে। তাৰ পিছদিনা দিনৰ দিনটো লঘোণে আছে, বাবাই কৃপা কৰি মন্ত্ৰ দিব লাগে। ৰহদৈৰ এই কথা শুনি আগমানন্দই ক'লে— “মা” কাইলৈ পুৱা মই পূজা-সেৱা কৰি উঠি তোমাক কৃষ্ণ মন্ত্ৰ দিম। আজি নিশাটোত তুমি যৎসামান্য মোৰ এই যৱধানৰ ৰুটি আৰু গাখীৰ খাই পৰি থাকা।