পৃষ্ঠা:ৰণ্ জেউতি.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
ৰণ্ জেউতি

আহাঁ আহাঁ পুত্ৰ অই,  আহাঁ মোৰ বুকুলই,
 সৰুকই খুৰাটিক ধৰা আহি সাবটি,
 দেৱতাৰ পৰশত হয় যেন সুগতি।”
বহে ভীম আঁতৰত  ৰোমাঞ্চিত পুলকত,
 দুধাৰা চকুৰ পানী বই যায় দুগালে;
 দেখে বুলি লোকে তাক হাতে মচি শুকালে।
কিবা গুণি অকস্মাত্‌  দিহা-দিয়া সমস্যাত
 হাঁহিটিৰে যদুৰায় উঠে সেই ক্ষণতে,
 দিহাদিহি সকলোটি উঠি গল লগতে।
হাঁহি সেই হাঁহিটিৰে  জননীয়ে কলে ধীৰে,—
 “অজলা পোনাটি মোৰ, সিও বোলে দেৱতা!
 সচাঁ হ’ক যুগে যুগে তোৰ অই বাৰতা।”