সমললৈ যাওক

পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
হৰিশ্চন্দ্ৰ উপাখ্যান।

ভাল ভৈল তোৰ,   মৰিল পুতেৰ,
  গুছিল আল জঞ্জাল।
আৰু কোনে আবে,   খৰিৰে পুৰিবে,
  গঙ্গাত নিয়া পেলাও।
শুনি মহাদই,   দান্তে খেৰ লই,
  কৰিলন্ত কাউ বাউ॥ ৩৬৫
দেখিয়া ভৰ্চ্ছিয়া,   মাতিলা ব্ৰাহ্মণে,
  এড়াইলি এড়াইলি বুলি।
শুনি শৈব্য়া পাছে,   মৃতক পুত্ৰক,
  লৈযান্ত কোলাত তুলি॥
গঙ্গাৰ তীৰক,   কান্দন্তে লড়িলা,
  জ্বলিল পুত্ৰ সন্তাপ।
কুমৰৰ গুণ,   বিনাই কান্দন্ত,
  যাহান্তে কৰি বিলাপ॥ ৩৬৬
নমো নমো হৰি,   গুছায়ো সংহৰি,
  সংসাৰৰ দুখ ভাৰ।
কৃষ্ণৰ কিঙ্কৰে,   ৰচিলা শঙ্কৰে,
  ডুলৰী ছবী পয়াৰ॥
শুনা সৰ্ব্বলোকে,   হিত চিন্তিয়োক,
  আসনত সুখে থাকি।