পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
হৰিশ্চন্দ্ৰ উপাখ্যান।

মোক যাস এড়ি,   শোকে পাৰে গেড়ি,
  মৰিলো আবে সমূলি॥ ৩৬২
মোহোৰ পুতাই,   কোনে লৈয়া যাই,
  গৰ্ভত জালিয়া জুই।
হৰি হৰি বিধি,   কতনো মাৰস,
  মোক শোক শেলে খাই॥
ৰোহিতাশ্ব বাপ,   তোহোৰ সন্তাপ,
  কৈকনো গৈলে এড়াওঁ।
দায়াৰ কুমৰ,   আমাক সুমৰ,
  লগে যমপুৰে যাওঁ॥ ৩৬৩
কাক গলে বান্ধি,   শুইবো হাবিয়াসে,
  কাহাৰ চাহিবো মুখ।
মোক কোনে আসি,   আই আই বুলি,
  পাহৰাইবে সবে দুখ॥
এহি বুলি সতী,   পৰন্ত মাটিত,
  কান্দি আৰ্ত্তনাদ কৰি।
হেন দেখি আসি,   ব্ৰাহ্মণে বোলয়,
  হাতত টোকোন ধৰি॥ ৩৬৪
হাওৰে পাপিষ্ঠি,   কিসক কান্দস,
  খুণ্ডাত ভাঙ্গিবো মাল।