পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
হৰিশ্চন্দ্ৰ উপাখ্য়ান ।

ভাৰ্য্যা পুত্ৰ বিকি ধন পায়া আছে যত।
তুপলি মেলিয়া দিলে ঋষিৰ হাতত॥
অল্পধন দেখি ঋষি সন্তোষ নভৈল।
শীঘ্ৰে উঠি নৃপতিক বুলিবে লাগিল॥ ৩২৪
শুন অৰে পাপীষ্ঠ অধম কুলাঙ্গাৰ।
এহিমানে অনুৰূপ দক্ষিণা আমাৰ॥
ঋষিহেন বুলি তই আমাক নগণি।
ক্ষুধাতুৰ জনে যাচ ভাতৰ পোতনি॥ ৩২৫
এহি ধন পাই তোক কৰিবোহো ক্ষমা।
আজি মোৰ দেখ তেবে তপৰ মহিমা॥
লৈয়ো তেবে দেখ তেবে মোৰ ব্ৰহ্মবল।
ঘোৰ চণ্ড শাপে সবে বংশ যাইবি তল॥ ৩২৬
হেন শুনি হৰিশ্চন্দ্ৰ তৰতৰি মনে।
ভাৰ্য্য়া পুত্ৰ বিকি ধন পাইলো এহিমানে॥
দিবে আৰু কিছু মোৰ নাহিকে সম্পত্তি।
এতিক্ষণে ইটো ধন লৈয়ো মহামতি॥ ৩২৭
বিশ্বামিত্ৰে বোলে আৰু নকৰিবা বেলা।
এভো আছে দিবসৰ প্ৰহৰেক বেলা॥
ইয়োবেলি খানি থাকিবোহো বাট চাই।
আৰু কিছু নবকিবি মোক মহাৰাই॥ ৩২৮