পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
হৰিশ্চন্দ্ৰ উপাখ্যান।

হা পুত্ৰ ভাৰ্য্য়া বুলি হিয়ে হানে মুঠি।
ঢাত ঢাত মাটিত পৰন্ত উঠি উঠি॥
হৃদয়ৰ মাংস কাটি কোনে লৈয়া যাই।
কৰন্ত ক্ৰন্দন তাসম্বাক চাই চাই॥ ৩১৯
হৰি হৰি পুত্ৰ সূৰ্য্য়বংশে ভৈলা জাত।
সুকুমল শৰীৰ সুন্দৰ ভৰি হাত॥
তয়ো গৈলি বিক্ৰয় জীৱন ধিক ধিক।
আউৰ কিবা দেখিয়াছো প্ৰাণ নযাই কিক॥ ৩২০
হা প্ৰাণেশ্বৰি হা হা ৰোহিতাশ্ব পুত্ৰ।
তোমাসাক বান্ধিনেই কৈৰ যম দূত॥
হেনয় অৱস্থা ভৈল মোৰ কৰ্ম্মকলে।
জীৱো কিকলাগি আবে যাওঁ ৰসাতলে॥ ৩২১
এহিমতে কান্দি কান্দি ৰাজা আছে চাই।
মহাদৈক পুত্ৰসমে দুইকো লৈয়া যাই॥
বৃক্ষ গৃহ তাসম্বাৰ আঁৰ যেবে ভৈলা।
দুনাই পৃথিবীত পৰি মুৰ্চ্চাগত গৈলা॥ ৩২২
সেহি সময়ত বিশ্বামিত্ৰ পাইল আসি।
উঠ উঠ ৰাজা বুলি দিলন্ত উকাশি॥
কিবা ধন পায়া আছা দিয়োক সম্প্ৰতি।
শুনি চকমক কৰি উঠিলা নৃপতি॥ ৩২৩