পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হৰিশ্চন্দ্ৰ উপাখ্যান।

অস্ত্ৰ শস্ত্ৰ সমস্ত শাস্ত্ৰতো সুশিক্ষিত।
বুদ্ধি বৃহস্পতি সম প্ৰতপে আদিত্য।।
কন্দৰ্প সদৃশ শোভে সুন্দৰ শৰীৰ।
সৰ্ব্বগুণে গুণানীত সাৰ গম্ভীৰ ।। ৯
নাহিকে লোকৰ শোক যাহাৰ ৰাজ্যত।
নাহি মাৰি মৰক দুৰ্ভিক্ষ দুখ যত॥
নাহিকে সচল চোৰ ঘোৰ বিঘ্ন ভয়।
অকালত নাহি কাৰো মৰণত ভয। ১০
ধৰ্ম্ম পথে থাপিলন্ত পৃথিবী মণ্ডল।।
ৰায় বান্দী সম কিছু নাহি বলাবল।
মহাসুখে প্ৰজাযেন বৈকুণ্ঠত বাসে।।
স্বৰ্গ মৰ্ত্ত্য পাতাল ব্যাপিল যাৰ যশে।। ১১
পৃথিবীৰ ৰাজা গণে যাক বলে নাতে।
কৰ দিয়া ৰাজা গণে ভৃত্যৱতে খাটে।।
জল সাগৰক লাগি ভৈলা অধিকাৰ।
সাতোদ্বীপা পৃথিবীৰ লৱে কৰ ভাৰ।। ১২
হীৰা মৰকত মনি মানিক অপাৰ।
পৰ্ব্বত সমান দৌল বান্ধিলা ভাণ্ডাৰ।।
সুবৰ্ণ ৰজত যত তাক কোনে লেখে।
যেহি ভিতি চক্ষু চাহে ৰত্নময় দেখে।। ১৩