পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হৰিশ্চন্দ উপাখ্য়ান।

বিষ্ণু বৈষ্ণৱৰ কথা দুযো সমতুল।
শ্ৰৱণ কীৰ্ত্তনে কৰে পাপক নিম্মুল।।
চাণ্ডাল পয্য়ন্তে কৰে সবাকে পবিত্ৰ।
জানি নিৰন্তৰে শুনা বৈষ্ণৱ চৰিত্ৰ।। ৪
জৈমুনি বদতি শুনা ধৰ্ম্ম [পাক্ষ বগ।
কোন কৰ্ম্ম কৰি হৰিশ্চন্দ্ৰ গৈলা স্বৰ্গ।।
কি কাৰণে কদৰ্থিলা বিশ্বামিত্ৰ ঋষি।
কহিযোক কথা মোত পৰম, হৰিষি॥ ৫
পক্ষিগণ বদতি শুনিযো ঋষিবৰ।
পৃথিবীতে সাৰোত্ত্বৰ অযোধ্যা নগৰ॥
সংসাৰত যত গুণ গণ অলঙ্কৃত।
সৰ্ব্বক্ষণে যৈত জনাৰ্দ্দন উপস্থিত॥ ৬
নিৰ্ম্মিলা প্ৰবন্ধে বিধি পুৰি বিতোপন।
স্বৰ্গতো অধিক সুখী যাৰ প্ৰাজাগণ।।
নিধৰ্ম্ম শালী শিষ্ট বৈষ্ণৱ সকলে।
ঘৰে ঘৰে প্ৰত্যেকে অচলা লক্ষ্মা জলে।।
সেহি নগৰত ভৈলা হৰিশ্চন্দ্ৰ ৰাজা।
পুত্ৰতো অধিক দশ গুণে পালে প্ৰজা ।।
সন্ত মহন্তক ক্ষমাৱন্ত স্বতাৱন্ত
বিষ্ণুৰ ভকত মহাধৰ্ম্ম আচৰন্ত॥ ৮