পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
হৰিশ্চন্দ্ৰ উপাখ্যান।

শুনা সভাসদ মহাজনৰ ধৰ্ম্মক।
প্ৰাণান্তিক দুঃখ পাইলে নিৰয সত্যক॥
সৰ্ববভৌম্য ৰাজ পদ পুত্ৰ ভাৰ্য্যা যত।
চাণ্ডালত আপোনাক বিকিলা সত্যত॥ ২৭১
হেনজানি মহাজনে নেডিবা সত্যক।
সত্য শাস্ত্ৰ তত্ত্বজানি ভজিযো হৰিক॥
কৃষ্ণৰ ভকতি সত্য ধৰ্ম্ম অনুপাম।
জানি উচ্চকৰি ডাকি বোলা ৰাম ৰাম॥ ২৭২

⸻:0:⸻

ছবী।

হেন শুনি নৃপতিৰ,   হিয়া যেন যাই চিৰ,
  শোকে আতি হৃদি যাই পুড়ি।
দেখিলন্ত তমোময়,   শ্ৰুতি হীন মহাশয়,
  অন্তৰীক্ষে ঋতু গৈল উড়ি॥
জানুত দিলন্ত মাথ,   কতো বেলি নৰনাথ,
  শোকত ভৈলন্ত অচেতন।
কতো হিয়া ভুকু মাৰি,   পৃথিবীত মাথা তাৰি,
  আতি শোকে কৰন্ত ক্ৰন্দন॥২৭৩