এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬০
হৰিচন্দ্ৰ উপাখ্যান।
কীৰ্ত্তি নামে এক ৰাজা আছিল পূৰ্ব্বত।
শত অশ্বমেধ,আচৰিল বিধিৱত
আৰু এক ৰাজ সূই মনে কৰি ইচ্ছা।
স্বৰ্গ হন্তে পড়িল বাৰেক বুলি মিছা॥ ২৬১
সত্যে নেই উৰ্দ্ধক অসত্যে অধোগতি।
হেন জানি সত্যক ৰাখিবে কৰা মতি॥
ইন্দ্ৰতো অধিক সুখ গৈল কতো কাল।
আউৰ কালে অনুশোচ কৰা মহীপাল॥ ২৬২
তোমাবেসে দুখ দেখি অন্তৰ্গত কহে।
কিকৰে জীৱন আউৰ হৃদয় নসহে॥
শুনা বচনেক বোলো চৰণত ধৰি।
বুলিবাক চাহন্তে লোতক পড়ে ঝৰি॥ ২৬৩
অশেষ ক্ৰন্দন আসে মনত অসুখে।
মাতিবে নোৱাৰি আছিলন্ত অধোমুখে॥
লোতকে ভেদিল গদ গদ কৰে মাত।
আঞ্চলে মলছি মুখ দুনাই বোলে বাক॥ ২৬৪
উপজিল পুত্ৰ ৰাজা এতেক বোলন্তে।
পৃথিৱীত মকমকি পড়িল কান্দতে॥