সমললৈ যাওক

পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
হৰিশ্চন্দ্ৰ উপাখ্য়ান।

আপোনাক বিকি ব্ৰাহ্মণৰ সুজোঁ ধাৰ।
আত পৰে বুদ্ধি আন নাহিকে আমাৰ॥
মোৰ ভাগ্যে যেন হৌক পুৰুষ এবাউক।
এতেক বোলন্তে আসি প্ৰবেশিল শোক॥ ২৫৬
মাত বোল হৰিল দেখন্ত অন্ধকাৰ।
হেন দেখি চিত্ত আউৰ নসহে শৈব্যাৰ॥
লোতকে পুৰিল আসি গদ গদ মাত।
ধীৰে ধীৰে সুন্দৰী স্বামীক মাতে মাত॥ ২৫৭
কাৰ্য্য সময়ত কেনে ভৈলা হত বুধি।
আপদ ব্যাধিৰ হোৱৈ, ধৈৰ্য্যেসে ঔষধি॥
মোৰ বাক্য ধৰা প্ৰভো চিন্তা পৰিহৰা।
অঙ্গীকৃত সত্যক সত্বৰে ৰক্ষা কৰা॥ ২৫৮
যিটো পুৰুষৰ নষ্ট ভৈল অঙ্গীকাৰ।
লোকৰ বৰ্জ্জন হোৱে জীৱন ধিক্কাৰ॥
নাহি নাহি আন ধৰ্ম্ম জানা সত্য বিনা।
জানি আন নিচিন্তিবা দিয়োক দক্ষিণা॥ ২৫৯
অগ্নি হোত্ৰ কৰে যিটো পঢ়ে চাৰি বেদ।
যত মহা দান আদি কৰি অবিচ্ছেদ॥
সকলো নিষ্ফল বাৰ লড়িল বচন।
হেন জানি সত্য় প্ৰভো কৰিয়ো ৰক্ষণ॥ ২৬০