পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
হৰিশ্চন্দ্ৰ উপাখ্যান।

কৰকৰ কৰি ঋষি চোৰাৱন্ত দান্ত।
দণ্ড তুলি যম যেন ক্ৰোদ্ধে খেদি যান্ত॥
নৃপতি বোলন্ত বৰ ভৈল অথন্তৰ।
শীঘ্ৰে ইথানৰ পৰা হুয়োক অন্তৰ॥ ১৭৯
এতেকতে বিশ্বামিত্ৰ খেদি পাইল আসি।
কোবাইবে লাগিলা খঙ্গে দণ্ডক উল্লাসি॥
মোক দ্ৰোহ কৰি চলে পাতি আছ কুণ্ডা।
এহি বুলি কাহাৰো মুখত মাৰে খুন্দা॥ ১৮০
হুল স্থল লগাইল প্ৰজাৰ পশি মাজ।
উফৰিয়া ফুৰন্ত ক্ৰোধত ঋষি ৰাজ॥
ছৱৰ চাপড় মাৰি কৰৈ তাল ফাল।
পলাইবে লাগিল প্ৰজা যেন গৰু পাল॥ ১৮১
পথ এড়ি পলাই কতো কেহোবলে টানে।
কতো লৱড়ন্তে জুন্তি খাই পৰে খালে॥
এহিমতে পলাই প্ৰজা ঋষিক বিভঙ্গে।
মাতিবে লাগিলা ঋষি নৃপতিক খঙ্গে॥ ১৮২
হাউৰে পাপীষ্ঠ দুষ্ট নষ্টকুলাঙ্গাৰ।
আগে দান দিয়া মোক যত ৰাজ্য ভাৰ॥
এবে কেনে তাক লাগি কৰ অনুশৌচ।
প্ৰজাৰ সহিতে তোৰ কিসব আলছ॥ ১৮৩