সমললৈ যাওক

পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
হৰিশ্চন্দ্ৰ উপাখ্যান।

হেন জানি এড়া মৰ্ম্ম,   পালিয়োক নিজ ধৰ্ম্ম,
 এহি বুলি ৰাজা প্ৰবোধিল॥ ১৭৫
নমো নমো হৰি পদ,   পঙ্কজ যুগল শিৰে,
 দণ্ডৱতে পড়ি শতবাৰ।
হৰিৰ চৰণ সেবি,   কৃষ্ণৰ কিঙ্কৰ কবি,
 ছবী বন্ধে ৰচিলা পয়াৰ॥
শুনা সবে বোলো হিত,   কৃষ্ণত অৰ্পিয়ো চিত,
 এড়া আন কথা সবে মিছা।
আসনত বসি থাকি,   হৰি হৰি বোলা ডাকি,
 যেবে আছে বৈকুণ্ঠক ইচ্ছা॥ ১৭৬

⸻:0:⸻

পদ।

পক্ষিগণে বোলন্ত শুনিয়ো ঋষিকথা।
পাছে যেন ভৈলা হৰিশ্চন্দ্ৰৰ অৱস্থা॥
প্ৰজাৰ সহিতে কথা কহিবাৰ দেখি।
জানি গৈলা ঋষি, পাচে খানিকে নাপেক্ষি॥ ১৭
গুঞ্জহেন ফুৰৈ আৰকত চক্ষু দুই।
কম্পি দুই ওষ্ঠ মুখে নিকলয় জুই॥
কঙ্কালত কপিঙ্গ বান্ধয় টানি টানি।
ডাক দি বোলন্ত তোৰ কথা আছো জানি॥ ১৭৮