পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
হৰিশ্চন্দ্ৰ উপাখ্য়ান ।

বিশ্বামিত্ৰে বোলন্ত স্বৰূপ কহ বাণী।
কত দিনে আমাৰ দক্ষিণা দিবি আনি।
মোক ভাণ্ডি এড়াই যাইবে কোন বাপে।
একতিলে ভস্ম কৰিবোহো চণ্ড শাপে॥ ১৫০
নৃপতি বোলন্ত ঋষি হুয়ো উপশান্তি।
বিস্তৰ নোবোলো মাসেকত দিবো খান্টি॥
তথাপি দিবাক নপাৰোহো দক্ষিণাক।
তেবে যেন যুৱাই ঋষি কৰিবা আমাক॥ ১৫১
ঋষিয়ে বোলন্ত চলা শুভক্ষণ বেলা।
মোহোৰ দক্ষিণা ৰাজা নকৰিবা হেলা॥
পুত্ৰ ভাৰ্য্যা সহিতে যাউক অপ্ৰমাদে।
চিৰঞ্জীৱ হৰিশ্চন্দ্ৰ মোৰ আশীৰ্ববদে॥ ১৫২
তোৰ যত শত্ৰু নিৰন্তৰে হৌক ক্ষয়।
পথতো নুহিবে সিংহ ব্যাঘ্ৰ সৰ্প ভয়॥
যায়োক কুশলে একো নোহোক বিপাক।
যেন নপাসৰস আমাৰ দক্ষিণাক॥ ১৫৩
হেন শুনি হৰিশ্চন্দ্ৰ এহি হৌক বুলি।
প্ৰদক্ষিণে ঋষিৰ পাৱৰ লৈলা ধূলি॥
ধৈৰ্য্য়ক আলম্বি একোভিতিক নঢাই।
কৃষ্ণক সুমৰি চলিৱান্ত মহাৰাই॥ ১৫৪