পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
হৰিশ্চন্দ্ৰ উপাখ্যান।

লৱড়ন্তে আগভেটি আগে ভৈল ঠিৱ।
দেখি নৃপতিৰ অন্তৰীক্ষ ভৈল জীৱ।
দক্ষিণা নেদিয়া মোক কৈক লাগি যাশ।
যিবা কিছু দিলি গৈল দানত আপাস |। ১৪৫
ঋষিক মাতন্ত ৰাজা কৰ যোড় কৰি।
দিলো যত ধন অকণ্টকা বসুন্ধৰি॥
কেৱল শৰীৰ মাত্ৰ ৰহি আছে তিনি।
দক্ষিণাৰ নিমিত্তে আমাক লোৱা কিনি॥ ১৪৬
শুনি ঋষি বুলি লন্ত তেবে মোৰ ভাল।
পটেশ্বৰী ধৰিবেক ছৱালৰ আল॥
তই বসি খাবি তোক নিলে মোক আন্তে।
কিবাদিবি দক্ষিণা নৃপতি বোল যান্তে॥ ১৪৭
আগেদেও বুলি যিবা পাছে নেদে দান।
দুৰ্ঘোৰ ৰৌৰৱ নৰকত তাৰ থান॥
পতি স্বত্বা ব্ৰহ্মাস্বে কৰিবে সৰ্ব্বনাশ।
দিয়োক দক্ষিণা ৰাজা হুয়োক উদাস॥ ১৪৮
নৃপতি বোলন্ত ঋষি হয়োক প্ৰসন্ন।
সম্প্ৰতি আমাত কিছু নাই আন ধন॥
কতোদিৱসক লাগি দিয়োক মেলানি।
যেন তেন প্ৰকাৰে দক্ষিণা দেও আনি॥ ১৪৯