পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
হৰিশ্চন্দ্ৰ উপাখ্যান।

সুখে সুতি থাকা মাৱ ৰত্নৰ সয্যাত।
কতো নাড়ী গণে আসি যান্তে ভৰি হাত॥
কতোহো চামৰে ধৰি ঢোলে প্ৰতি নিত।
আজি কেনে নিদ্ৰাযাই কেৱল ভূমিত॥ ১৩০
খোজ পাঞ্চ সাত যান্তে বিষাই যাব পাৱ।
মহা দীৰ্ঘ পঠত চলিবা কেনে মাৱ॥
কেনমতে একলে ৰাজাৰ ধৰা আল।
কোনে তুলিবেক মাৱ তোমাৰ চৱাল॥ ১৩১
এহি বুলি মহাশোকে কান্দে নাৰীগণ।
সবাকো বুলিলা সৈব্য়া প্ৰবোধ বচন॥
ইসব জঞ্জাল আবে নপাতা আমাক।
কোনে বধিবাক পাৰে বিধি লিখিতাক॥ ১৩২
ভুঞ্জিত লোহো ৰাজ্য় গোসাঞী দিলা যত কাল।
কাহাৰ নকৰো দোষ আমাৰ কপাল॥
মোক যেবে দয়া আছে শুনা নাৰী গণ।
উজটিয়া যোৱা সবে এড়িয়া ক্ৰন্দন॥ ১৩৩
উলটা উলটা বুলি প্ৰবোধিয়া যান্ত।
তথাপি কান্দিয়া যান্ত নিদিয়া সিধান্ত॥
এহিমতে সাত দুৱাৰৰ ভৈলা বাজ।
তেৰকৰি চাউ দেখিলন্ত ঋষিৰাজ॥ ১৩৪