পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
হৰিশ্চন্দ্ৰ উপাখ্য়ান ।

এহি বুলি পুত্ৰক মাতন্ত দেবী হাসি।
বাপ ৰোহিতাশ্ব মোৰ কোলে চাপ আসি॥
ইসে কষ্ট ভৈল তোক জীৱাও কেন কৰি।
পাঞ্চ বৰিষত বাপ ভৈল দেশান্তৰি॥ ১২৫
এহি বুলি বাজভৈলা পুত্ৰ কোলে কৰি।
দিব্য ৰত্নময় মণ্ডিৰক পৰিহৰি॥
যত ধন বিত্তক কৰিলা পৰিহাৰ।
চলেসৰ্ব্ব পৰিত্যাগ ৰাজ অলঙ্কাৰ॥ ১২৬
হেন দেখি অন্তেশ পুৰৰ যত নাড়ী।
শোক শেলে দহে চিত ধৰিতে নপাৰি॥
মহাদৈক বেৰি সবে কৰে আৰ্ত্তৰাৱ।
আমাক অনাথ কৰি কৈক যোৱা মাৱ॥ ১২৭
পৃথিবীত পৰি কেহু পড়ৈ লোতা লোতি।
কেহু হৃদয়ত দুই হাতে হানে মুঠি॥
কোন সতে আমাক ঋষিক দিলা দান।
তুমি অবিহনে কেনে ধৰিবোহো প্ৰাণ॥ ১২৮
সাতো পৃথিবীৰ ৰাজা তান পটেশ্বৰী।
কোননো বিপাকে আই ভৈলা দেশান্তৰি॥
বেসাই বাক নপাইলো, ভাগিল ভৰাহাত।
হৰি হৰি কিনো বিধি লেখিলা ললাট॥ ১২৯