পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২8
হৰিশ্চন্দ্ৰ উপাখ্যান।

তোক লাগ পাইলে মোত নখাটিবে প্ৰজা।
কৈত শুনিয়াছ এক পাটে দুই ৰাজা॥
আপোনাৰ পুত্ৰ পত্নী লৈয়া মহাৰাজ।
কেৱল শৰীৰে এতিক্ষণে হোৱা বাজ॥ ১০২
নৃপতি বোলন্ত ঋষি যাউক নগৰ।
তুমি আজি ভৈলা অভিনৱ নৰেশ্বৰ॥
শিৰত ধৰিবো আজি তোমাৰ আদেশ।
পুত্ৰ ভাৰ্য্যা সহিতে ত্যজিবো আজি দেশ॥ ১০৩
এহি হৌক বুলি ঋষি চালিলন্ত গাৱ।
পাচত নৃপতি চলিযান্ত ভূমি পাৱ॥
গুছিল প্ৰতাপ ৰাজা শ্ৰীভৈল হীন।
বাঘৰ আগত যেন শঙ্কিত হড়িন॥ ১০৪
কতোক্ষণে আসি অৰণ্যৰ ভৈলা বাজ।
নৃপতিক দেখি লাগ লৈলা সামৰাজ॥
চতুৰ্ভিতি বেঢ়ি আসি ধৰিলা যোগান।
সবাকো মাতিয়া ৰাজা দিলা সমিধান॥ ১০৫
আজি ধৰি আমাৰ নাহিকে অধিকাৰ।
ত্যজিয়া ঋষিক দিলো যত ৰাজ্য ভাৰ॥
ঋষিত কৰিয়ো সেৱা মোত এড়ি আশ।
ৰাজ্যক চাডিয়া আজি কৰিবো প্ৰবাশ॥ ১০৬