পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হৰিশ্চন্দ্ৰ উপাখ্যান।

নৃপতি বোলন্ত ঋষি মোৰ বোল কৰা।
সমস্ত ভণ্ডাৰ দিলো নিয়া যত পাৰা ৷৷
শুনি দ্বিজগণে ভৈলা পৰম সন্তোষ।
ভণ্ডাৰ সোমায়া লগাইলন্ত লুৰি লোস ৷৷৩৯
একৈক ভণ্ডাৰে ৰত্ন লক্ষ কোটি মোন।
আথে বেথে দাম কৰি চপাবে ব্ৰাহ্মণ॥
ওপৰত পৰি তাক মোৰ মোৰ বুলি।
আপোন ইচ্ছায়ে ওপচান্ত জুলি ৷৷ ৪০
(বান্ধন্ত ভোকোন্দা কতো গুটি সুবৰ্ণৰ।
মুকুটা মানিক মনি হীৰা বাখৰৰ ৷৷
বুঝা লৈয়া তথাপি কৰন্ত হাঁই ফুঁই।
তাকোনিবে নপাৰিয়া জান্ত কুজা হুই॥ ৪১
মুণ্ডফুটে বুলিয়া পেলান্ত কতো বুঝা।
নাকে খৰ উষাশ তানয় হুই কুজা॥
হাবিধি কিনো মোৰ দৰিদ্ৰৰ চিন্ন।
ৰাজসূয় যজ্ঞতল গৈল শুজা ঋণ॥ ৪২
ৰথত তুলিলা কতো আঙ্কোৱালী ধৰি।
গৃহৰ কৰন্ত বাজ কেঙ্কা জোঙ্কা কৰি॥
তুলি লৈবে নপাৰিয়া লৈযান্ত ঘসাই।
শৰীৰৰ বস্ত্ৰ কাঢ়ি ডোলক লগাই ৷৷৪৩