পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হৰিশ্চন্দ্ৰ উপাখ্যান।

হৰিশ্চন্দ্ৰ নৃপতিৰ ৰাজসূয় শুনি।
অযোধ্যাক আসি সবে ভৰিলা ব্ৰাহ্মণী॥
অশেষ সেৱকে দেই ভোজন সম্ভৃত।
দধি মধু মোদক ভুঞ্জন্ত পঞ্চামৃত॥ ৩৪
ঋত লাড়ু পৰমান্ন ভুঞ্জি গণ্ড গোল।
ঘন ক্ষীৰ খান্তে যেন পেট ভৈল ধোল॥
তথাপি বোলন্ত মোক আৰু কিছু লাগে।
উপছি পাত্ৰত থাকে তথাপিতো মাগে॥ ৩৫
কতো পঞ্চামৃত খুজিলন্ত খাইবো বুলি।
মুখত নযাই চাই থাকে হাত তুলি॥
বিধিক সুমৰি মৰ্ম্ম কৰন্ত ব্ৰাহ্মণ।
এড়িয়ো নোথন্ত যেন কৃপণৰ ধন॥ ৩৬
খাহন্তে খাহন্তে কতো পাইলে গল মান।
বস্তু আনি যাচন্ত নেদন্ত সমিধান॥
থিয় দিয়া থাকৈ বান্তি আসিবাক ভবে।
যেন মঠ ধৰি যোগী গণে ধ্যান কৰে॥ ৩৭
এহিমতে ভুঞ্জন্তে ব্ৰাহ্মণ লক্ষ কোটি।
মনত সন্তোষে পঞ্চামৃত নেই ঘুতি॥
অসংখ্যাত লোকে তাসম্বাৰ ধৰে আল।
স্বৰ্গতো লাগিল ব্ৰহ্ম ভোজন ঘঞ্চাল॥ ৩৮