পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
হৰিশ্চন্দ্ৰ উপাখান।

গুৰুবধু ব্ৰহ্মবধ যিবা জনে কৰে।
গৰু মাৰে ব্ৰাহ্মণৰ সুবৰ্ণক হৰে॥
গুৰু পত্নী হৰে আৰু কৰে সুৰাপান।
ভকতক ত্যাগে নোহে তত্তুল্য সমান॥ ৪৮১
পৰম ভক্তক যিটো এড়ে দুৰাচাৰ।
ইহ পৰলোকে দুখ নুগুছে তাহাৰ॥
হেন জানি কিঞ্চিতেকে নেড়িবো প্ৰজাক।
যাযোক স্বৰ্গক ইন্দ্ৰ এড়িয়ো আমাক॥ ৪৮২
মোহোৰ লগত যেবে যাইবে প্ৰজাবৰ্গ।
দেৱৰাজ তেবেসে জানিবা যাইবো স্বৰ্গ॥
প্ৰজাৰ লগতে নৰকত হৌক বাস।
প্ৰজাক এড়িবে মোৰ নাহি অভিলাষ॥ ৪৮৩
বাসৱে বোলন্ত শুনিয়োক মহাৰাজা।
ভিন্নে ভিন্নে পাপ পুণ্য কৰিয়াছে প্ৰজা॥
একেলগে কিমতে কৰিবা উপভোগ্য।
কেন মতে বোলা তুমি বচন অযোগ্য॥ ৪৮৪
তুমি কৰিয়াছা মহাযজ্ঞ ৰাজসূয়।
চিৰকালে স্বৰ্গত থাকিবা দেৱ হুই॥
আপোনাৰ কৰ্ম্মকেসে ভুঞ্জিবাক পাই।
কোন মতে প্ৰজাসমে হুইবা একঠাই॥ ৪৮৫