পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
হৰিশ্চন্দ্ৰ উপাখ্যান।

আজিসে আমাৰ ভৈল মনৰ উদ্ধাৰ।
আজি সুপ্ৰসন্ন ভৈল বিধতা আমাৰ॥
আজিসে জানিলো বজ্ৰ গুছাইলন্ত বিধি।
দুনাই হাত মেলি পাইলো হৰাইবাৰ নিধি॥ ৪৭৬
বাৰ্ত্তাকো নপাইলো প্ৰভু গৈলা কোন ঠান।
তোমাক নেদেখি যেন ফুটিযাই প্ৰাণ॥
আজিসে জুৰাইলো হিয়া বোলে প্ৰজাগণে।
তোমাৰ কমল মুখ পিয়োহো নয়নে॥ ৪৭৭
হেন দেখি নৃপতিৰ পালটিল মন।
কোন মতে এবে এড়ি যাইবো প্ৰজাগণ॥
মনে বিমৰিষি হৰিশ্চন্দ্ৰ নৃপবৰ।
কৰযোড়ে বাসবক দিলন্ত উত্তৰ॥ ৪৭৮
দেৱৰাজ তোমাক কৰোহো নমস্কাৰ।
হাত-যোড়ে বোলো শুনা বচন আমাৰ॥
অযোধ্য়াৰ লোকৰ আমিসে সবে প্ৰাণ।
মোক বিনা স্বপনতো নিচিন্তয় আন॥ ৪৭৯
দেৱতো পিতৃত কৰি আমাত ভকতি।
আসম্বাক এড়িবাক নাহিকে শকতি॥
স্বৰ্গ যদি যাওঁ মই পাইবো উপতাপ।
ভকতক পৰিত্যাগ হোৱে মহাপাপ॥ ৪৮০