পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

AD 8 গ্ৰন্থকাৰৰ নিবেদন (*) “অসমীয়া সাহিত্যৰ খ্যাতনামা অধিনায়ক” হেমকোষ বচোঁতা হেমচন্দ্ৰ বৰুৱাৰ জীৱনচৰিত বহলাই লিখিলে এখন ডাঙ্গৰ গ্ৰন্থ হব পাৰে৷ সম্পৃতি এইজন মহাপুৰুষৰ জীৱনৰ মুঠ মুঠ কথাখিনিহে উল্লেখ কৰি এই জীৱনচৰিত যুগুত কৰা হল। বৰ্ত্তমান সাহিত্য ক্ষেত্ৰৰ সুপ্ৰসিদ্ধ লিখক শ্ৰীযুত লক্ষ্মী- নাথ বেজবৰুৱা, শ্ৰীযুত হেমচন্দ্ৰ গোস্বামী, ৰায়চাহেব পদ্মনাথ গোহাঁই বৰুৱা, ৰায় বাহাদুৰ কনকলাল বৰুৱা আৰু স্বৰ্গীয় হেমচন্দ্ৰ বৰুৱাই লিখি থোৱা সম্বল খিনিয়ে জীৱন চৰিত খনিৰ কেইটিমান পৱিত্ৰ পৃষ্ঠা অলঙ্কৃত কৰিছে। এই লিখ- কৰ দুৰ্ব্বল লেখনীয়ে হেমচন্দ্ৰ পুৰুষৰ প্ৰকৃত মূৰ্ত্তি অঙ্কিত কৰি প্ৰাণপ্ৰতিষ্ঠা কৰিব পাৰিছেনে নাই – সি পাঠকৰ বিচাৰ্য্য। হেমচন্দ্ৰ বৰুৱাৰ জীৱনচৰিতৰ কথা আমাৰ দেশৰ সকলো লোকে জনা একান্ত আৱশ্যক—বিশেষকৈ দেশৰ ভবিষ্যৎ ভাৰসা স্থল ছাত্ৰ সমাজে। সেইবাবে কৰ্তৃপক্ষলৈ আমাৰ এয়ে সৰল

  • ১৯২৬-২৭ চনত আসাম ছাত্ৰ সন্মিলনেৰ হেমচন্দ্ৰ

সোঁৱৰণী সমিতিয়ে ছপা কৰি উলিৱা (১ম সংস্কৰণ ) ‘হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত’ত প্ৰকাশিত গ্ৰন্থকাৰ কটকীদেৱৰ ‘গ্ৰন্থকাৰৰ নিবেদন' পুনৰ্ম দ্ৰনতো একেদৰেই সন্নিৱিষ্ট কৰা হ'ল। —প্ৰধান সম্পাদক, অসম সাহিত্য সভা