সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৬ হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত ইয়াক কাৰ্য্যত পৰিণত কৰিবলৈ এই লিখক আৰু গোপাল- বাবু সম্পাদক নিযুক্ত হয়। পিছত ৺গোপালবাবুৰ অমানুষিক ভাবে আকস্মিক মৃত্যু ঘটাত তেওঁৰ ঠাইত শ্ৰীযূত হৰমোহন দাসক সাহিত্য সভাই নিযুক্ত কৰে। উজান বজাৰ মাণিক শৰ্মা বৰ ৱা মাইনৰ স্কুলৰ পূবে বৰ্ত্তমান শ্ৰীযুত সিদ্ধিনাথ বি-এলৰ মাটিত এটি ইটাৰ ওখ পকা স্তন্তত মাৰবেল পাথৰৰ এখন স্মৃতিফলক স্থাপন কৰা হয়। পিছত কামৰূপ সমিতিৰ ঘৰত প্ৰত্নতত্ত্ববিশাৰদ শ্ৰীযুত হেমচন্দ্ৰ গোস্বামীৰ সভা- পতিত্বত এখন ডাঙ্গৰ সভা পাতি এই স্মৃতিস্তম্ভৰ আৱৰণ গুচোৱা অনুষ্ঠান সুচাৰুৰূপে সম্পন্ন কৰা হল। অসমীয়া সাহিত্যিকৰ স্মৃতি ৰক্ষাৰ্থে এনেকৈ স্মৃতিস্তন্ত স্থাপন আসামত এঁয়ে প্ৰথম। এই নাট্য কাৰ্য্য স্মৃতিফলকৰ পাঠ তাত দিয়া হল—