সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাব জীৱন চৰিত ৯৫ ততীয় কিতাপ। হেমচন্দ্ৰ বৰুৱাব স্মৃতি ৰক্ষা কৰা দ্বিতীয়বাৰৰ শোভ- নীয় যত্ন হৈছে আসাম সাহিত্য সভাব। ১৯২৪ চনত আসাম সাহিত্য সভাক সপ্তম অধিবেশনৰ কাৰ্য্য গুৱাহাটীত অতি সমাৰোহেৰে সম্পন্ন হয়। এই অধিবেশনৰ আয়োজন কৰিবলৈ যি অভ্যৰ্থনা সভা পতা হৈছিল তাৰ আছিল আসামৰ প্ৰবীণ সাহিত্যিক স্বৰ্গীয় অভ্যৰ্থনা সভাৰ যুটীয়া সম্পাদক স্বৰূপে এই পবিত্ৰ অনুষ্ঠানৰ কাম কৰিবলৈ পাই কম সত্যনাথ সভাপতি বৰা। লিখকে সেই ভাগ্যবান বুলি ভবা নাছিল। ইফালে আসাম সাহিত্য সভাৰ অতি উপযুক্ত আৰু সুদক্ষ সম্পাদক আছিল শ্ৰীযুত শৰৎচন্দ্ৰ গোস্বামী ডাঙ্গ- ৰীয়া। উজান বজাৰৰ ময়দানত সুন্দৰকৈ সজোৱা এটি ডাঙ্গৰ সভামণ্ডপ পতা হৈছিল। আসামৰ প্ৰায় সকলো সাহিত্যিক আৰু গণ্যমান্য লোক অধিবেশনত উপস্থিত আছিল। অসমীয়াৰ এই জাতীয় যজ্ঞলৈ অগ্নিহোতৃ স্বৰূপে বৰণ কৰি অনা হৈছিল সুদূৰ কলিকতাৰপৰা অসমবাসীৰ অসমীয়া সাহিত্যৰ প্ৰভা বিস্তাৰ কৰোঁতা শ্ৰদ্ধাস্পদ শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱাক। এই সভাত অসমীয়া সাহিত্য- ৰথী হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি ৰক্ষাৰ কাৰণে তেখেতৰ গুৱা- হাটীত থকা শেষ বাসস্থানৰ এচুকত এখন স্মৃতিফলকে সৈতে এটি স্মৃতিস্তম্ভ স্থাপন কৰিবলৈ সৰ্ব্বসম্মতিক্ৰমে এটি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। গুৱাহাটী কৰ্জ্জনহাৰ ভূতপূৰ্ব্ব লাইব্ৰেৰীয়া স্বৰ্গীয় গোপালকৃষ্ণ দে ইয়াৰ প্ৰস্তাৱক আছিল। গোপাল বাবু যদিও বঙালী তথাপি অসমীয়াৰ মনত তেওঁ অসমীয়া সাহিত্য যেন আছিল বুলিলে বেচি কোৱা নহব। আসাম সভাই স্মৃতিস্তম্ভৰ সমস্ত খৰচ বহন কৰিবলৈ সন্মত হয়।